NORTHEAST NOW (Assamese)
দেশ

চীফ অৱ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ সেনা প্ৰধান নাৰাভানেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2021 3:48 pm
MM Naravane

দেশৰ তিনিও সেনা সেৱাৰ মুৰব্বীক লৈ গঠিত চীফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে দায়িত্ব গ্ৰহণ কৰিছে।

৮ ডিচেম্বৰত আইএএফ হেলিকপ্টাৰ দুৰ্ঘটনাত CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পিছত চীফ অৱ ষ্টাফ কমিটিৰ অধ্যক্ষ পদ খালী হৈ আছিল।

তিনিজন সেনা সেৱাৰ মুৰব্বীৰ ভিতৰত জ্যেষ্ঠতম হিচাপে জেনেৰেল নাৰাভানেক সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে।

আইএএফৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী আৰু নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে ৩০ ছেপ্টেম্বৰ আৰু ৩০ নৱেম্বৰত তেওঁলোকৰ নিজ নিজ পদগ্ৰহণ কৰিছিল।

চীফছ অফ ষ্টাফ কমিটিয়ে মঙলবাৰে বৈঠকত মিলিত হয় আৰু জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী মধুলিকা আৰু ১১ জন সশস্ত্ৰ বাহিনীৰ কৰ্মীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

দুৰ্ঘটনাটোৰ একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙে বুধবাৰে বাংগালুৰুৰ এখন সামৰিক চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

ইফালে দায়িত্ব গ্ৰহণ কৰি জেনেৰেল নাৰাভানে ৰয়েল চৌদি সশস্ত্ৰ বাহিনীৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ফাহাদ বিন আব্দুল্লাহ আল-মুতাইৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

সূত্ৰ অনুসৰি তেওঁলোকে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ে টেলিফোনিক বাৰ্তালাপত আলোচনা কৰিছিল।