NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ মুৰব্বী নাৰাভানে হ’ব নেপালৰ সেনাৰ জেনেৰেল! ৰহস্য কি?

October 14, 2020 8:14 pm · এন ই নাও নিউজ

ভাৰত আৰু চীনৰ মাজত লাডাখ সংকটকলৈ উত্তেজনা অব্যাহত থকাৰ মাজতে ভাৰতৰ চুবুৰীয়া দেশ নেপালেও ভাৰতৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আহিছে।

বিশেষকৈ নেপালে ভাৰতৰ লিপুলেখ, কালাপানী আদি অঞ্চল সামৰি নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতে ভাৰতৰ সৈতে নেপালৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল।

এনে জটিলতাৰ মাজতে ভাৰতৰ সেনা প্ৰধান এম এম নাৰাভানেই নেপালী সেনাৰ জেনেৰেল হ’বলৈ ওলোৱা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

নৱেম্বৰ মাহৰ প্ৰথম ভাগতে ভাৰতৰ সেনা প্ৰধান গৰাকীয়ে নেপাললৈ যাব।

উল্লেখ্য ভাৰত-নেপালৰ মাজত সংঘাত চলি থাকিলেও নেপালে ভাৰতৰ সেনা প্ৰধান গৰাকীক দেশ খনৰ সেনা বাহিনীৰ সৰ্বোচ্চ সন্মাণ ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মাণ প্ৰদান কৰিবলৈ সিদ্দান্ত লৈছে।

সেই মৰ্মে নেপালৰ ৰাষ্ট্ৰপতি বি্দ্যা দেৱী ভাণ্ডাৰীয়ে ভাৰতৰ সেনা প্ৰধান গৰাকীক এই সন্মাণ প্ৰদান কৰিব বুলি নেপাল চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চীনৰ প্ৰৰোচনাতে নেপালে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে নানান ষড়যন্ত্ৰত লিপ্ত হৈছে।

ভাৰতৰ সৈতে সীমা সমস্যাক লৈ নেপালে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাও পৰিলক্ষিত হৈছে ।

এনে পৰিস্থিতিৰ মাজতে নেপালে ভাৰতৰ সেনা প্ৰধানক নেপালী সেনাৰ জেনেৰেল হিচাবে সন্মাণিত কৰিবলৈ ওলোৱাৰ কথা বিশেষ তাৎপৰ্য বহন কৰিছে।

Related News