NORTHEAST NOW (Assamese)
দেশ

কাশ্মীৰত সীমান্ত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2022 3:14 pm
Army Chopper Crash

উত্তৰ কাশ্মীৰৰ গুৰেজ খণ্ডৰ সীমান্ত নিয়ন্ত্ৰণ ৰেখা (LoC) ৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ।

সীমান্ত সুৰক্ষা বাহিনীৰ অসুস্থ জোৱানসকলক কঢ়িয়াই অনাৰ উদ্দেশ্যে যাওঁতেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা নাই বুলি জানিবলৈ দিছে সেনাৰ শীৰ্ষ বিষয়াসকলে।

এজন শীৰ্ষ বিষয়াই প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক জনোৱা মতে, হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ সাজু হৈছিল যদিও সেই সময়ত বতৰৰ বেয়া পৰিস্থিতিৰ বাবে আঁতৰি গৈছিল।

উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ চেক্টৰৰ গুজৰান নাল্লাৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ইতিমধ্যে ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে।

উদ্ধাৰকাৰী দলে হেলিকপ্টাৰত থকা সেনাৰ জোৱান কেইজনৰ সন্মান অব্যাহত ৰাখিছে বুলি বিষয়াসকলে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক জানিবলৈ দিছে।