NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ: অব্যাহত উদ্ধাৰ অভিযান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2022 2:18 pm
Army helicopter crashes in Arunachal Pradesh

অৰুণাচল প্ৰদেশত আজি পুনৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ চিংনিঙৰ ওচৰত আজি পুৱা সেনাৰ এই হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়।

সেনাৰ সূত্ৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰ খন সেনাৰ এখন উন্নত মানৰ লঘু ওজনৰ হেলিকপ্টাৰ আছিল। পুৱা প্ৰায় ১০:৪৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

অৰুণাচলস্থিত ভাৰতীয় সেনাৰ টুটিং মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। দুৰ্ঘটনাৰ পিছতে সেনাই তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এইপৰ্যন্ত দুৰ্ঘটনাত হতাহতৰ কোনো তথ্য জানিব পৰা নাই। উদ্ধাৰকাৰীৰ দলে ঘটনস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে অতি দুৰ্গম এলেকাত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযান চলোৱাটো অতি প্ৰত্যাহ্বানপূৰ্ণ কথা হৈ পৰিছে।

অৱশ্যে, উদ্ধাৰকাৰী দলে তাৎক্ষণিকভাৱে ঘটনস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আন এটা উদ্ধাৰকাৰী দলো ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ৫ অক্টোবৰতো অৰুণাচল প্ৰদেশৰ টাৱাঙত নিয়মীয়া অনুশীলনৰ সময়ত সেনাৰ এখন ‘চিতা’ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত এগৰাকী পাইলটৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী পাইলট আহত হৈছিল।