NORTHEAST NOW (Assamese)
দেশ

দিল্লীত গ্ৰেপ্তাৰ বৌদ্ধ ভিক্ষু ভেশধাৰী চীনা মহিলা: চোৰাংচোৱাৰ সন্দেহ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2022 1:14 pm
Chinese Woman Living As Nepali Monk

উত্তৰ দিল্লীৰ তিব্বতীয় শৰণাৰ্থী বসতিৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৌদ্ধ ভিক্ষুৰ ৰূপত বাস কৰি অহা এগৰাকী চীনা মহিলাক। চীনা চোৰাংচোৱাৰ সন্দেহত আৰক্ষীয়ে ভেশধাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিছে।

সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে প্ৰকাশ কৰা ভাষ্য অনুসৰি মহিলাগৰাকীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ চৌহদৰ ওচৰত জনপ্ৰিয় তিব্বতীয় শৰণাৰ্থী বসবাসৰ অঞ্চল ‘মজনু কা টিলা’ত বাস কৰি আহিছিল।

এগৰাকী এজন বৌদ্ধ সন্ন্যাসীৰ ছদ্মবেশত বাস পৰম্পৰাগত সন্ন্যাসীৰ পোছাক পৰিধান কৰি চুটি চুলিৰে দীৰ্ঘদিন ধৰি বাস কৰি অহা মহিলাগৰাকীৰ ৰেকৰ্ড পৰীক্ষণৰ সময়ত পোহৰলৈ অহা তথ্যৰ পিছত আৰক্ষীয়ে লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে উল্লেখ কৰা মতে, দিল্লী আৰক্ষী আৰু বিদেশী নাগৰিকৰ পঞ্জীয়নৰ বিভাগীয় বিষয়াৰ সৈতে মহিলাগৰাকীৰ ৰেকৰ্ড পৰীক্ষা কৰিছিল আৰু তেওঁ ২০১৯ চনত চীনা পাছপোৰ্ট ব্যৱহাৰ কৰি ভাৰতলৈ অহাৰ প্ৰমাণ পোৱা গৈছিল।

মহিলাগৰাকীয়ে পৰিচয় পত্ৰত নিজৰ নাম ডলমা লামা বুলি দেখুওৱাৰ লগতে ঠিকনা হিচাপে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ এক অঞ্চলৰ নাম উল্লেখ কৰিছিল। কিন্তু ৰেকৰ্ড পৰীক্ষণৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীৰ প্ৰকৃত নাম কাই ৰুও বুলি জানিবলৈ দিছে।

আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে জেৰাৰ সময়ত মহিলাগৰাকীয়ে চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টিৰ কিছু নেতাই তেওঁক হত্যা কৰিব বিচৰাৰ বাবে এইদৰে থকা বুলি দাবী কৰিছে।

ইংৰাজী, মাণ্ডাৰিন আৰু নেপালী ভাষাৰ আয়ত্ত থকা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে দিল্লী আৰক্ষীৰ বিশেষ কোষে ঘটনাটোৰ তদন্ত কৰি আছে বুলি জানিবলৈ দিয়ে।