NORTHEAST NOW (Assamese)

চীনে অপহৰণ কৰা অৰুণাচলৰ নাবালকক উদ্ধাৰৰ বাবে পিএলএৰ সৈতে সম্পৰ্ক স্থাপন ভাৰতীয় সেনাৰ

January 20, 2022 2:23 pm · এন ই নাও নিউজ,গুৱাহাটী

চীনৰ সেনা পিএলএই অপহৰণ কৰি নিয়া অৰুণাচলৰ নাবালক গৰাকীক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় সেনাই।

সেনাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। ভাৰতীয় সেনাৰ অনুৰোধৰ প্ৰতি এতিয়াও অৱশ্যে চীনৰ সেনাই কোনো সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই।

ইপিনে এই অপহৰণ কাণ্ডৰ অচিলালৈ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। টুইটাৰত ৰাহুল গান্ধীয়ে এই বুলি কৈছে যে মোদীয়ে এই স্পৰ্শকাতৰ ঘটনাটো সন্দৰ্ভত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে।

ৰাহুলে কয় যে মোদীৰ এনে মৌনতাই সাধাৰণ লোকৰ প্ৰতি তেওঁৰ কোনো দায়িত্ব নথকাৰ কথাই প্ৰমাণ কৰিছে। উল্লেখ্য চীন-ভাৰত সীমান্তৰ অৰুণাচলত সংঘটিত হৈছে চীনৰ সেনাই কৰা এক অপহৰণৰ ঘটনা।

চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ ভাৰতীয় ভূখণ্ডৰ পৰা এটি ১৭ বছৰীয়া নাবালকক অপহৰণ কৰি নিয়ে।

সাংসদ তাপিৰ গাওৱে টুইটাৰত এই বিস্ফোৰক খবৰ প্ৰকাশ কৰিছে।

সাংসদগৰাকীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ জিডো গাঁৱৰ নাবালক শ্ব মিৰাম টাৰনক কালি লুংটা জোৰ অঞ্চলৰ পৰা চীনৰ সেনাই অপহৰণ কৰি নিয়ে।

উল্লেখ্য অপহৰণকাণ্ড সংঘটিত হোৱা স্থানত চীনে ২০১৮ চনত ৩-৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছিল৷


সাংসদগৰাকীয়ে কয় যে তেওঁ ঘটনাটোৰ বিষয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী এন প্ৰমাণিকক অৱগত কৰিছে আৰু ভাৰতীয় নাবালকগৰাকীৰ সোনকালে মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷

উল্লেখ্য বিগত বৰ্ষৰ ডিচেম্বৰ মাহত চীনে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থান নিজৰ দেশৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰি সেই স্থানসমূহৰ নাম ঘোষণা কৰিছিল ।

চীনে অৰুণাচলৰ উক্ত অঞ্চলসমূহক “দক্ষিণ তিব্বত” বুলি দাবী কৰিছিল।

চীনে অৰুণাচল প্ৰদেশৰ প্ৰায় ৯০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি বুলি দাবী কৰি আহিছে আৰু এই অঞ্চলসমূহক “জাংনান” বুলি অভিহিত কৰি আহিছে।

Related News