NORTHEAST NOW (Assamese)

কাশ্মীৰত ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰিব ভাৰতীয় সেনাই

February 8, 2021 9:54 am · এন ই নাও নিউজ

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত ভাৰতীয় সেনাই ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰিব। উপত্যকাটোত এইখনেই হ’ব আটাইতকৈ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা।

সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে দেশৰ ছ’লাৰ ইণ্ডাষ্ট্ৰীজৰ সৈতে এই বিষয়ে তেওঁলোকৰ কথা হৈছে। গুলমাৰ্গত ১০০ ফুট উচ্চতাৰ পতাকা স্থাপনৰ কথা ভাৱিছে তেওঁলোকে।

বাতৰি অনুসৰি, গুলমাৰ্গৰ বিখ্যাত স্কী ৰিছ’ৰ্ট অঞ্চলৰ ডিভিজন জেনেৰেল অফিচাৰ অফ কমাণ্ডিং মেজৰ জেনেৰেল বীৰেন্দ্ৰ ভাটে দেওবাৰে ইয়াৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বলীউদৰ প্ৰযোজক-অভিনেতা আৰবাজ খান আৰু অভিনেত্ৰী বিদ্যা বালান উপস্থিত আছিল।

সূত্ৰসমূহৰ মতে পাতাকাখন প্ৰায় ৯হাজাৰ ফুট উচ্চতাত বহুওৱা হ’ব।

ইয়াৰ মাজতে পাকিস্তানত সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ ঘটনা ঘটিছে। প্ৰায় ১০০জন কাশ্মীৰি যুৱকে সঠিক ভিছা লৈ পাকিস্তানত প্ৰবেশ কৰাৰ পাছত এতিয়ালৈকে তেওঁলোক উভতি অহা নাই।

আনহাতে, বহুতেই যোৱা বছৰ ভাৰতলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছে। চোৰাংচোৱা বিভাগে এই যুৱকসকলে শ্লীপাৰ চেলত যোগদান দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে।

Related News