NORTHEAST NOW (Assamese)
অসম

মেজৰ লিটুল গগৈৰ ওপৰত সেনাৰ শাস্তিমূলক ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2019 9:43 am
major leetul gogoi

সেনাবাহিনীৰ জীপত এগৰাকী সাধাৰণ লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অসমৰ মেজৰ লিটুল গগৈৰ বিৰুদ্ধে সেনাবাহিনীয়ে লৈছে শাস্তিমূলক ব্যৱস্থা।

কাশ্মীৰৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁক শ্ৰীনগৰৰ এখন হোটেলত লগ ধৰা ঘটনা সম্পৰ্কত সেনাবাহিনীয়ে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁক ৬ মাহৰ বাবে জ্যেষ্ঠতাৰ পৰা অৱনমিত কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহত মেজৰ লিটুল গগৈয়ে শ্ৰীনগৰৰ এখন হোটেলত এগৰাকী স্থানীয় যুৱতীৰ সৈতে প্ৰৱেশ কৰিবলৈ বিচাৰোতে বিবাদৰ সৃষ্টি হৈছিল। আৰু সেই সময়তে শ্ৰীনগৰ আৰক্ষীয়ে তেওঁক আটক কৰিছিল।

পিছত সেনাৰ কৰ্ট অৱ এনকুৱাৰীত দোষী সাব্যস্ত হোৱাৰ পিছত দেওবাৰে সেনাবাহিনীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই তেওঁৰ ওপৰত এই শাস্তি বিহে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।