NORTHEAST NOW (Assamese)

কাশ্মীৰত পাকিস্তানৰ সেনাৰ গুলীত নিহত ভাৰতীয় সেনাৰ বিষয়া

September 2, 2020 2:46 pm · এন ই নাও নিউজ
Updated: September 2, 2020 3:04 pm

অশান্ত কাশ্মীৰত বুধবাৰে দুপৰীয়া পাকিস্তানৰ সেনাৰ আক্ৰমণত নিহত হয় ভাৰতীয় সেনাৰ এজন জুনিয়ৰ কমিছনড পদবীৰ সেনা বিষয়াৰ।

ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি কাশ্মীৰৰ ৰাজৌৰী জিলাৰ তাৰকুণ্ডি ছেক্টৰৰ কেছেৰগেলা নামৰ ঠাই খনত পাকিস্তানৰ সেনাই অপ্ৰৰোচিত ভাবে ধাৰাসাৰ গুলিবৰ্ষণ কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলিচালনা কৰাত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।

সংঘৰ্ষৰ মাজতে পাক সেনাই নিক্ষেপ কৰা গুলিয়ে ভাৰতীয় সেনাৰ বিষয়া ৰাজেশ কুমাৰৰ দেহত আঘাত কৰে।

তেওঁ লগে লগে মাটিত ঢলি পৰে। সেনা বিষয়া গৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ ৫৩ নং বেটেলিয়নে কাশ্মীৰৰ বুদগাম অঞ্চলত যোৱা নিশা অভিযান চলাই ৪ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত সন্ত্ৰাসবাদী কেইজন হৈছে ক্ৰমে চাকিল আহমেদ,চৌকত আহমেদ,আকিব খান,আজিজ আহমেদ।

অভিযানকাৰী দলে ধৃত সন্ত্ৰাসবাদী কেইজনৰ পৰা এ কে ৪৭ ৰাইফলৰ বহু গুলি আৰু ৫ টা ডিট’নেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Related News