NORTHEAST NOW (Assamese)

ঢেকীয়াজুলিৰ চিৰাজুলিত হস্তনিৰ্মিত গ্ৰেনেড, গুলী আৰু পে’ন পিষ্টল উদ্ধাৰ; সেনাৰ ভূমিকা ৰহস্যজনক

December 9, 2018 8:19 pm · মণিমালা বৰা
Updated: December 9, 2018 8:27 pm
সেনাই উদ্ধাৰ কৰা গ্ৰেনেড, পে'ন পিষ্টল আৰু গুলী।

ঢেকীয়াজুলিৰ চিৰাজুলিত আজি সেনাৰ এটা দলে অভিযান চলাই চাৰিটা হস্তনিৰ্মিত গ্ৰেনেড,  ৫ ৰাউণ্ড পইণ্ট টুৱেণ্টি টু পিষ্টলৰ সক্ৰিয় গুলী, আৰু এটা পে’ন পিষ্টল উদ্ধাৰ কৰিছে বুলি সেনাৰ এটা সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে, ২০ আছাম ৰাইফলছৰ চাৰি দুৱাৰৰ সেনাই ঢেঁকীয়াজুলি আৰক্ষীৰ সহযোগত এটা সূত্ৰৰ পম খেদি এই অভিযানটো চলাইছিল।

উদ্ধাৰৰ পিছত গ্ৰেনেড আৰু গুলী, পিষ্টল ঢেকীয়াজুলি আৰক্ষীক চমজাই দিয়া বুলি জানিব পৰা গৈছে।

আনহাতে সেনাই এই সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰাটো এতিয়ালৈকে নিশ্চিত কৰা নাই। লগতে কাৰ জিম্মাৰ পৰা এই গ্ৰেনেড, পিষ্টল, গুলী আদি জব্দ কৰিলে সেয়াও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই। অভিযানকাৰী সেনা আৰু আৰক্ষীৰ এই ৰহস্যজনক স্থিতিয়ে সন্দেহৰ অৱকাশ সৃষ্টি কৰিছে স্থানীয় লোকৰ মাজত।

Related News