NORTHEAST NOW (Assamese)

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং

January 22, 2021 12:30 pm · এন ই নাও নিউজ

পাকিস্তানে পুনৰ এবাৰ যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি কাশ্মীৰ সীমাত গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে। যাৰ ফলত এজন ভাৰতীয় সৈনিক ছহিদ হ’বলগীয়া হয়।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণাঘাটী ছেক্টৰত সংঘটিত এই ঘটনাটোত ছহিদ হোৱা সেনা জোৱানজন হৈছে নিৰ্মল সিং।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া পাকিস্তানৰ সৈনিকে ভাৰতীয় সৈনিকক উদ্দেশ্যি কৃষ্ণাঘাটি ছেক্টৰত নিৰ্বিচাৰভাৱে গুলী আৰু মৰ্টাৰ নিক্ষেপ কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ তৰফৰ পৰাও গুলী চলোৱা হয়। দুয়োপক্ষৰ মাজত কেই মিনিট ধৰি চলা গুলীচালনাত ১০ নং জম্মু-কাশ্মীৰ ৰাইফলছৰ হাবিলদাৰ নিৰ্মল সিং গুৰুতৰভাৱে আহত হয়।

পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

ইফালে এই ঘটনাক লৈ ভাৰতীয় সেনাই প্ৰকাশ কৰা বিবৃতিত নিৰ্মল সিং এগৰাকী বীৰ সৈনিক আছিল আৰু তেওঁৰ এই বলিদান ভাৰতবাসীয়ে সদায় মনত ৰাখিব বুলি মন্তব্য কৰে।

Related News