NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 11:58 am

ছত্তীশগড়ৰ ধমতৰী জিলাত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। কাবাডী খেলি থকাৰ সময়ত ৰিঙতে এজন ২০ বছৰীয়া খেলুৱৈৰ মৃত্যুৱে শোকস্তব্ধ কৰিছে ক্ৰীড়াপ্ৰেমীক।

ঘটনাৰ বিৱৰণী অনুসৰি, খেলুৱৈজনে ৰেডৰ বাবে বিৰোধী ৰিঙলৈ গৈছিল। এই সময়তে খেলুৱৈজন হঠাতে বাগৰি পৰে। লগে লগে বিৰোধী খেলুৱৈসকলে তেওঁক গোবা মাৰি ধৰে।

ইয়াৰ পিছত আৰু তেওঁ উঠিব নোৱাৰাত ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত মৃত্যু ঘটে।

উল্লেখ্য যে ছত্তীশগড়ৰ ধমতৰী জিলাৰ গোজী গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত কৰা কাবাডী প্ৰতিযোগিতাৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে কোকড়ী আৰু পটেৱা দলৰ মাজত এখন মেচ হৈছিল।

মেচৰ সময়ত কোকড়ী দলৰ নৰেন্দ্ৰ সাহুৱে অন্তিমটো ৰেডৰ বাবে বিপক্ষৰ ৰিঙলৈ গৈছিল। আৰু তেতিয়াই তেওঁক বিপক্ষৰ খেলুৱৈয়ে গোবা মাৰি ধৰে।

কিন্তু বিপক্ষৰ খেলুৱৈয়ে এৰি দিয়াত তেওঁ আৰু উঠিব নোৱাৰিলে। চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও প্ৰতিভাৱান খেলুৱৈগৰাকীৰ মৃত্যুত ৰাজ্যখনত শোকৰ বন্যা বয়।

এই মৰ্মান্তিক ঘটনাটো সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ভুপেশ বাঘেলে।