NORTHEAST NOW (Assamese)
Popular Stories

আত্মহত্যাৰ বাবে প্ৰৰোচনা গোচৰ : অৰ্ণৱ গোস্বামীক পুনৰ সকাহ প্ৰদান বোম্বে উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2021 4:50 pm
10-5-1140x570

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আকৌ সকাহ প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে।

শুকুৰবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰটোৰ শুনানিৰ বাবে ৰায়গড় জিলাৰ আলিবাগ দণ্ডাধীশ আদালতত উপস্থিত হোৱাৰ পৰা ৰেহাই প্ৰদান কৰিছে।

বুম্বে উচ্চ ন্যায়ালয়ে সাংবাদিক গোস্বামীক অহা ১৬ এপ্ৰিললৈকে এই ৰেহাই প্ৰদান কৰিছে।

উল্লেখ্য যে ইন্টেৰিঅ’ ডিজাইনাৰ অনভয় নাইকক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা বুলি অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে উক্ত গোচৰত সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰৈও প্ৰেৰণ কৰিছিল। অৱশ্যে পিছত সৰ্বোচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক জামিন প্ৰদান কৰে।

শুকুৰবাৰে অৰ্ণৱ গোস্বামীৰ অধিবক্তাই প্ৰকাশ কৰা অনুসৰি বোম্বে উচ্চ ন্যায়ালয়ৰ এছ এছ সিন্ধে আৰু মানীষ পিটালেৰ খণ্ড বিচাৰপীঠে অৰ্ণৱ গোস্বামীক উক্ত গোচৰটোৰ বাবে আলিবাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত অহা ১৬ এপ্ৰিললৈকে উপস্থিত হোৱাৰ পৰা হেৰাই প্ৰদান কৰিছে।

উল্লেখ্য যে ইতিমধ্যে ৰায়গড় আৰক্ষীয়ে গোচৰটোৰ চাৰ্জশ্বীট দাখিল কৰিছে আলিবাগ আদালতত। অহা ১০ মাৰ্চত মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বৰ আলিবাগ আদালতত গোচৰটোৰ শুনানি আছে।

উক্ত গোচৰটোক প্ৰত্যাহ্বান জনায় অৰ্ণৱ গোস্বামীয়ে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। আৰু শুকুৰবাৰে বোম্বে উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অৰ্ণৱ গোস্বামীক অহা ১৬ এপ্ৰিললৈকে এইদৰে সকাহ প্ৰদান কৰিছে।