NORTHEAST NOW (Assamese)
অটো

ব্যতিক্ৰমী সোৱাদেৰে অসমৰ চাহ খণ্ডত নতুন সংযোজন ‘ভোটজলকীয়া চাহ’

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 9, 2019 9:01 pm
WhatsApp Image 2019-07-09 at 8.29.34 PM

অসমৰ চাহক ব‍্যতিক্ৰমী ৰূপেৰে উপস্থানৰ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা এৰ’মিকা বেণ্ডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জিত বৰুৱাই এইবাৰ অসমত মুকলি কৰিছে আন এবিধ নতুন চাহ।

এতিয়ালৈকে ১৮ বিধ বিভিন্ন প্ৰডাক্তৰ চাহেৰে ব‍্যৱসায় কৰি থকা বৰুৱাই আজি ‘ভোট জলকীয়া চাহ’  নামৰ অন্য এবিধ ব‍্যতিক্ৰমী চাহ উপভোক্তাৰ বাবে বজাৰত মুকলি কৰি দিয়ে। বৰুৱাই জানিবলৈ দিয়া মতে, ভোটজলকীয়া চাহ প্ৰস্তুত কৰাৰ সময়ত সুকীয়া স্বাদৰ বাবে জৈৱিক চাহৰ লগত ভোটজলকীয়া আৰু আদাৰ সংযোজন কৰা হয়।

তেওঁ লগতে জনাই যে, ভোটজলকীয়া চাহৰ যোগেদি এজন ব‍্যক্তিৰ শৰীৰত থকা বহুতো দুৰাৰোগ্য ৰোগ প্ৰশমিত হ’ব পাৰে লগতে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়।

‘এৰ’মিকা’ প্ৰতিস্থানৰ সহকাৰী অধ‍ক্ষ‍্যা ডলী শৰ্মা বৰুৱাই ‘এৰ’মিকা প্ৰতিস্থানে ক্ষুদ্ৰ চাহ খেতিয়কক এখন উপযুক্ত বজাৰ দিয়াৰ ওপৰিও মহিলা সৱলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে বুলি জনায়। তেওঁ লগতে প্ৰতিষ্ঠাটোত কৰ্মৰত শ্ৰমিকসকলৰ ভিতৰত গৰিষ্ঠ সংখ‍্যকেই মহিলা শিক্ষিত শ্ৰমিক বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, আজিৰ পৰা বজাৰত উপলব্ধ হোৱা ‘ভোট জলকীয়া’ চাহ বিধৰ বজাৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫,৭১৪ টকা হ’ব বুলি প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া সকলে প্ৰকাশ কৰে।