NORTHEAST NOW (Assamese)
অসম

এৰাউণ্ড গুৱাহাটী ফুদ ফেষ্টিভেল|| খ্ৰীষ্টমাছৰ বতৰত সংগীত আৰু খাদ্যৰ অনন্য উদযাপন; আহিব ল’কেল ট্ৰেইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2019 5:19 pm
Around Guwahati Food Festival: A culinary fair with a difference

ভোজনপ্ৰেমীৰ বাবে সুখবৰ লৈ এই খ্ৰীষ্টমাছত আহি আছে অনন্য খাদ্য মেলা এৰাউণ্ড গুৱাহাটী ফুদ ফেষ্টিভেল।

আয়োজকসকলে জনোৱামতে, অহা ২৩ ডিচেম্বৰৰ পৰা চলিব লগা এই মেলা হ’ব খাদ্য, সংগীত আৰু খ্ৰীষ্টমাছৰ একত্ৰ অপূৰ্ব উদযাপন।

গুৱাহাটীৰ খানাপাৰাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মেলাখন অনুষ্ঠিত হ’ব।

মেলাখনত আয়োজকে দেশৰ সৰ্বশ্ৰেষ্ঠ ৰেষ্টোঁৰা, ফুদ জইণ্ট আৰু হ’ম কুকসকলক একত্ৰিত কৰাৰ চেষ্টা কৰিছে।

দৰ্শনাৰ্থীৰ আনন্দৰ বাবে এখন ভোজন প্ৰতিযোগিতাৰো ব্যৱস্থা কৰা হৈছে। ১০টাতকৈ অধিক শিতানত চলিব খোৱাৰ প্ৰতিযোগিতা।

মেলাখনৰ প্ৰৱেশ পত্ৰ গুৱাহাটীৰ কেইবাটাও স্থানত উপলব্ধ, অনলাইন টিকেটৰ ব্যৱস্থা নাই। তলৰ ছবিত প্ৰৱেশ পত্ৰ পোৱা ঠাইসমূহ উল্লেখ আছে।

Around Guwahati Food Festival: A culinary fair with a difference

তাৰোপৰি, দৰ্শনাৰ্থীৰ লগতে অংশগ্ৰহণকাৰীসকলৰ বাবে খাদ্য বিষয়ক কৰ্মশালাও ঠাইতে অনুষ্ঠিত হ’ব।

খাদ্যৰ লগতে তিনিওটা দিনতে থাকিব দেশৰ বচা বচা সংগীত প্ৰতিভাৰ আকৰ্ষণীয় অনুষ্ঠান।

বিশেষ আকৰ্ষণ হ’ব দিল্লীৰ ৰক বেন্দ দি ল’কেল ট্ৰেইন।

আয়োজকে জনোৱামতে, দেশৰ প্ৰায় ২০টামান বেন্দ/ সংগীত শিল্পীয়ে মেলাত সংগীত পৰিৱেশন কৰিব।

যোগদান তথা মেলাখনৰ সবিশেষ জানিবৰ বাবে তলৰ ছবিত থকা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

Around Guwahati Food Festival: A culinary fair with a difference