NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বিপদত লামিচানে! কিশোৰী ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি নেপাল ক্ৰিকেট দলৰ অধিনায়কৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2022 8:54 pm
Sandeep Lamichhane

বিপদত পৰিছে নেপাল ক্ৰিকেট দলৰ অধিনায়ক তথা উদীয়মান তাৰকা লেগ স্পিনাৰ সন্দীপ লামিচানে। এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ ধৰ্ষণৰ অভিযোগত নাম সাঙোৰ খাই উঠাৰ পিছত বিতৰ্কৰ মাজত সোমাই পৰা লামিচানেৰ গ্ৰেপ্তাৰৰ বাবে আজি পাৰোৱানা জাৰি কৰিছে নেপালৰ এখন আদালতে।

চলিত সপ্তাহৰ আৰম্ভণিতে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে খেলুৱৈগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত অভিভাৱকে দাবী কৰিছিল যে যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত লামিচানেই কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল।

এই অভিযোগৰ পিছতে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল নেপাল আৰক্ষীয়ে। কাঠমাণ্ডু জিলা আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে জিলা আদালতে সন্দীপ লামিচানেৰ বিৰুদ্ধে বিস্তৃত তদন্তৰ বাবে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে।

লামিচানে যদি নেপালত নাথাকে তেতিয়া আৰক্ষীয়ে লামিচানেৰ গ্ৰেপ্তাৰৰ বাবে বিদেশত ইণ্টাৰপোলৰ সহায় বিচাৰিব পাৰে বুলি কাঠমাণ্ডু আৰক্ষীয়ে বুধবাৰে স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে নেপাল ক্ৰিকেটৰ পোষ্টাৰ বয় হৈ পৰা ২২ বৰ্ষীয় সন্দীপ লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। লামিচানে বৰ্তমান ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ব্যস্ত আছে।

২০১৮ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেঞ্চাইজী দিল্লী কেপিটেলছে ক্ৰয় কৰাৰ পিছতে লামিচানেৰ কেৰিয়াৰে গতি লয়। তাৰ পিছতে লামিচানেই বিশ্বৰ সকলো টি-২০ লীগতে অংশগ্ৰহণ কৰিছে। কেৰিয়াৰৰ গ্ৰাফে ক্ৰমশ: উৰ্ধমূখী হোৱাৰ সময়তে এই বিপৰ্যয়ৰ সন্মুখীন হৈছে তাৰকাগৰাকী।