NORTHEAST NOW (Assamese)
Popular Stories

মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ : পৰীক্ষাত গ’ম পালে শৰীৰতেই উৎপন্ন হয় সুৰা  

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 25, 2024 9:25 pm
মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ : পৰীক্ষাত গ’ম পালে শৰীৰতেই উৎপন্ন হয় সুৰা  

বেলজিয়ামৰ এজন লোকক অট’ ব্ৰুৱেৰী ​​চিনড্ৰম (ABS) নামৰ বিৰল অৱস্থাত ভুগি থকাৰ বাবে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগৰ পৰা মুক্ত কৰা হৈছে। তেওঁৰ অধিবক্তাই এই তথ্য নিশ্চিত কৰিছে।

অটো-ব্ৰুৱেৰী ​​চিনড্ৰম (ABS) হৈছে এক অতি বিৰল ৰোগ, এনে ৰোগত আক্ৰান্ত ব্যক্তিৰ শৰীৰে নিজাববীয়াকৈ ‘এলক’হল’ উৎপাদন কৰিব পাৰে। আক্ৰান্ত ব্যক্তিৰ আন্ত্ৰিক অংশত থকা কাৰ্বহাইড্ৰেট এক প্ৰক্ৰিয়াৰ দ্বাৰা ইথানললৈ পৰিণত হয়, যাৰ ফলত শৰীৰৰ ভিতৰত এলক’হলৰ সৃষ্টি হয়।

সোমবাৰে লোকজনৰ অধিবক্তা এন্সে গেস্কিয়েৰে কয় যে তিনিজন চিকিৎসকে তেওঁক পৰীক্ষা কৰি নিশ্চিত কৰিছে যে তেওঁৰ অট’ ব্ৰুৱেৰী ​​চিনড্ৰম আছে। স্থানীয় ন্যায়িক পদ্ধতি অনুসৰি তেওঁৰ মদ্যপানৰ কোনো লক্ষণ নাছিল।

বেলজিয়ামৰ চিকিৎসালয় এ জে ডি চেণ্ট-লুকৰ ক্লিনিকেল বায়’লজিষ্ট লিজা ফ্লৰিনে কয় যে এনে ৰোগীয়ে মদৰ দৰে একে ধৰণৰ এলক’হল উৎপন্ন কৰে যদিও সাধাৰণতে নিচাৰ প্ৰভাৱ কমকৈ অনুভৱ হয়।

জন্মতে অট’ ব্ৰুৱেৰী ​​চিনড্ৰম ৰোগত আক্ৰান্ত নহ’লেও এই ৰোগ হ’ব পাৰে।