NORTHEAST NOW (Assamese)

‍‘আমি আছো আপোনালোকৰ লগত’; অসমৰ বানক লৈ উদ্বিগ্ন ইংলিছ ফুটবল ক্লাব আৰ্ছেনাল

July 17, 2020 7:38 pm · এন ই নাও নিউজ

ইংলিছ প্ৰিমীয়াৰ লীগৰ আগশাৰীৰ ফুটবল ক্লাব আৰ্ছেনাল এফ চিয়ে অসমৰ বান সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বানাক্ৰান্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।

জনপ্ৰিয় ফুটবল ক্লাবটোৱে ছ’চিয়েল মিডিয়া ফেইচবুক আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁলোক অসমবাসীৰ লগত আছে বুলি কয়।

৫ ছেকেণ্ডৰ ভিডিঅ’টোত “We are with you” বুলি ইংৰাজীত দিয়া বাৰ্তাটোৰ পিছতে লগে লগে ‍‘‍‘আমি আছো আপোনালোকৰ লগত’’ বুলি অসমীয়াত দিয়া দেখা পোৱা যায়।

ইফালে এই ভিডিঅ’টো জনপ্ৰিয় বলিউডৰ অভিনেতা তথা অসম সন্তান আদিল হুছেইনেও টুইটাৰযোগে শ্বেয়াৰ কৰে।

অভিনেতাগৰাকীয়ে কেপশ্যনত লিখিছে, ‍‘অসমৰ জনতাৰ লগত থিয় দিছে আৰ্ছেনালে। মই বুজি পোৱা নাই কিয় আমাৰ চেলিব্ৰেটি, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা ক্ৰিকেটাৰসকলে অসমৰ হৈ মাত মতা নাই! আপোনালোকক লৈ নিৰাশ হৈছো’।

আনহাতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়েও অসমৰ বন্যাৰ্ত আৰু বান সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এটা টুইট কৰিছে।

তেওঁ টুইটটোৰ জৰিয়তে অসমৰ ৰাইজক সহায়ৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

Related News