NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত কৃত্ৰিম বানপানীত আৱদ্ধ কেইবাটাও পৰিয়াল; কাৰ ভুলৰ ফল ভোগ কৰিছে ৰাইজে?

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 18, 2021 9:34 am
flood water affect

চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবেই কলিয়াবৰত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।

কৃত্ৰিম বানপানীৰ মাজত আৱদ্ধ হৈ পৰিছে কেইবাটাও পৰিয়াল।

নেৰা নেপেৰা বৰষুণৰ ফলত নৱনিৰ্মিত পথৰ ওপৰেদি বৈ যোৱা পানীয়ে সৃষ্টি কৰিছে এই কৃত্ৰিম বানৰ।

কলিয়াবৰ তিনিআলিৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ কাষতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ।যাৰ বাবে কৃত্ৰিম বানৰ মাজত আৱদ্ধ পৰিয়ালে কান্দি কান্দি মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে সহায়ৰ হাত।

উল্লেখযোগ্য যে গেমন ইণ্ডিয়া নামৰ সংস্থাটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

কলিয়াবৰ তিনিআলিৰ পৰা চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম গেমন ইণ্ডিয়া নামৰ সংস্থাটোৱে লাভ কৰাৰ পাছৰে পৰা পথৰ কাষেৰে পানী যাবৰ বাবে এটা নলা নিৰ্মাণ কৰি দিবলৈ সংস্থাটোক বহু বাৰ অৱগত কৰিছিল স্থানীয় ৰাইজে।

কিন্তু স্থানীয় ৰাইজৰ কথাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

এতিয়া এনে ‘অপৰিকল্পিত উন্নয়নৰ’ ফলত জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ ৰাইজে।