NORTHEAST NOW (Assamese)

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা, ব্যস্ত মৃৎ শিল্পী

September 15, 2021 3:46 pm · ৰিদিপ শৰ্মা
Updated: September 15, 2021 3:48 pm

বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজালৈ হাতত মাত্ৰ দুটা দিন।মূখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া মৃৎ শিল্পীসকলৰো ব্যস্ততা বাঢ়িছে।

বিশ্বকৰ্মাত অন্তিম পৰশ দিয়াত ব্যস্ত শিল্পীসকল।

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কলিয়াবৰৰ আমবাগানৰ বাবা লোকনাথ শিল্পালয়ৰ শিল্পীসকলো ব্যস্ত হৈ পৰিছে।

বিগত আশী বছৰ ধৰি মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি অহা প্ৰতিষ্ঠানটোৱে এইবাৰ মুঠ এশজন বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰিছে।

 Also Read: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: বিজেপি চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী জাতীয় মহাসভাৰ

মুখ্যমন্ত্ৰীয়ে পূজা হ’ব বুলি ঘোষণা কৰাত আনন্দিতও হৈছে মৃৎশিল্পীসকল।

উল্লেখ্য ক’ৰ’ণাতংকৰ বাবেই ৰাজ্যৰ মৃত শিল্পীসকলৰ অৱস্থা পানীত হাঁহ নচৰা ধৰণৰ হৈ পৰিছিল। এতিয়া পৰিস্থিতি কিছু ভাললৈ অহাত মৃৎ শিল্পীসকলৰ মুখত হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হৈছে।

Related News