NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত বৰষুণ নেওচি শিল্পী সমাজৰ ‘কা’ বিৰোধী প্ৰতিবাদলৈ ওলাই আহিল জনতা

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী January 5, 2020 8:28 pm

বৰষুণকো নেওচি ডিব্ৰুগড়ৰ জেউতি মড়ল সংঘ খেলপথৰাত আজি নাগৰিকত্ব সংশোধন আইন বাতিলৰ দাবীত শিল্পী সমাজে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে।

কবিতা, গীত-মাতেৰে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা উক্ত সভাত যোগ দিবলৈ ডিব্ৰুগড়ৰ ৰাইজে হাতত চাতি লৈ ঘৰৰ পৰা ওলাই আহে।

ৰাইজক সম্বোধন কৰি স্থানীয় শিল্পী প্ৰশান্ত বৰদলৈয়ে ‘কা’ অসমৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী বুলি উল্লেখ কৰি কয়, ‘এই কা বিৰোধী আন্দোলনে আমাক যুক্তি আৰু আৱেগ দুয়োটা ফালৰ পৰাই একলগ কৰিলে।‘

‘নাগৰিকত্ব সংশোধনী আইন সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ বিৰোধী, ই ভাৰতৰ মানুহক ভাগ ভাগ কৰিব। ভোট বেংক ৰাজনীতিৰ স্বাৰ্থত চৰকাৰে অসমত জোৰ কৰি কা জাপি দিব খুজিছে।‘ তেওঁ কয়।

আন এগৰকী প্ৰতিবাদকাৰীয়ে কয়, ‘অসম অবৈধ বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয়। আমি কা মানি নলওঁ কাৰণ ই অসম চুক্তিৰ উলংঘা কৰিছে। কা বাতিল নোহোৱা পৰ্যন্ত আমি প্ৰতিবাদ চলাই যাম।‘

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন আইনৰ বিৰোধিতাত বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজৰ উদ্যোগত বিভিন্ন সময়ত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।