NORTHEAST NOW (Assamese)

শিল্পীৰ জীৱন! চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ঢোলৰ ওজা লৱ বৰা; আৰ্থিক দৈন্যতাৰ বাবেই কৰিব পৰা নাই চিকিৎসা

October 8, 2021 9:23 am · উত্তম শইকীয়া, বোকাখাত
ঢোলৰ ওজা লৱ বৰা। ফটো: নৰ্থইষ্ট নাও।

বোকাখাতৰ যোগনীয়া গাওঁৰ ঢোলৰ ওজা লৱ বৰা। মঘাই ওজাৰ উত্তৰসুৰী এই জন ঢুলীয়া ওজাৰ জীৱনলৈ এতিয়া নামি আহিছে দু:সময়।

একালত লৱ-কুশ যুটী ৰূপে উজনি-নামনিত ঢোলৰ ৰগৰে বিয়া-বিহু মঞ্চত আনন্দৰ বন্যা নমোৱা লৱ বৰা ওজা এতিয়া ৰোগাক্ৰান্ত।

৫৫ বছৰ বয়সতে এতিয়া তেওঁৰ আশ্ৰয় এখন বিছনা। সংগী ৰছীৰে বান্ধি থোৱা এটা ৰেডিঅ’। একালত আকাশবাণী আকাশবাণী ডিব্ৰুগড় আৰু আকাশবাণী যোৰহাট কেন্দ্ৰত বিহুৰ আগজাননী দিয়া লৱ বৰা এতিয়া যক্ষ্মা ৰোগত আক্ৰান্ত।

ঢোলৰ ওজা তথা অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া সোমনাথ বড়া ওজাৰ শিষ্য লৱ বৰা একেখন যোগনীয়া গাঁৱৰে সন্তান। সুদীৰ্ঘকাল ৰোগাক্ৰান্ত হৈ থকা লৱ ওজাই টকাৰ অভাৱৰ কৰাব পৰা নাই উন্নত চিকিৎসা।

আন্দোলনৰ সময়ত চৰকাৰে ঘোষণা কৰা ৫০ হাজাৰ টকাৰ শিল্পী সাহায্যও নেপালে লৱ ওজাই।

কোভিড কালীন সময়ত চৰকাৰে আগ বঢ়োৱা শিল্পীলৈ সকাহৰ ধনো নেপালে তেওঁ। চৰকাৰী পৃষ্ঠপোষকতাত লৱ বৰাতকৈ বহু কনিষ্ঠ শিল্পীয়ে পালে কোভিডকালীন সাহায্যৰ ধন।

সম্ভৱত: স্বভিমানী লৱ বৰা ওজাই কাৰো ওচৰত হাতো পতা নাই। তেওঁৰ লগৰ বহু জ্যেষ্ঠ-কনিষ্ঠ লোক এতিয়া ৰাজনীতি, চৰকাৰী অথবা সমাজ কল্যাণৰ কাৰ্যালয়ত কৰ্মৰত। কিন্তু কাৰো ঘূৰি চোৱাৰ সময় নাই লৱ বৰা ওজালৈ। অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাহক ঢোল বজোৱাই যেন অপৰাধ তেওঁৰ।

শেহতীয়াকৈ বোকাখাতৰ যুৱ নেতা আকাশ ফুকনে লৱ বৰা ওজালৈ আগবঢ়াইছে সামান্য আৰ্থিক সাহায্য।

লৱ বৰাৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। বিচাৰিছে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ সহযোগিতা। বোকাখাতৰ অসম গণ পৰিষদ দলৰ নেতা পালি নেতাই এই খবৰ দিবগৈনে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক?

অলপ আৰ্থিক সকাহ পালেই যেন পুনৰ গুজৰি উঠিব লৱ বৰাৰ ঢোল ৷ 

Related News