NORTHEAST NOW (Assamese)
অৰুণাচল

Dr. Bhupen Hazarika’ৰ এটা গীতে মুহিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীক, হাজাৰ বাৰ শুনিও আমনি নোপোৱা কি এই গীত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 12, 2021 11:51 am
Prema Khandu on a Bhupen Hazarika song

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আকৃষ্ট হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটা গীতৰ প্ৰতি। গীতটোৰ মূৰ্চ্ছনাত মোহিত হৈছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু ।

তেওঁ কয় যে সংগীত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ এটা গান হাজাৰ বাৰ শুনিব পাৰে আৰু তাৰ পাছতো তেওঁ কেতিয়াও এই গীতটো শুনি আমনি অনুভৱ নকৰে।

পেমা খাণ্ডুৱে টুইটাৰ যোগে এটা ভিডিঅ’ গান শ্বেয়াৰ কৰাৰ সময়ত এইকথা উল্লেখ কৰিছে।

অৰুণাচল প্ৰদেশৰ ৰ’নো পাহাৰত অৱস্থিত উচ্চ শিক্ষাৰ প্ৰধান প্ৰতিষ্ঠান ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই গীতটো পৰিৱেশন কৰে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে উল্লেখ কৰা এই গীতটো হৈছে ৰাজ্যখনৰ ৰাজ্যিক গীত – ‘হামাৰা অৰুণাচল’।

উল্লেখ্য যে অসমৰ কিম্বদন্তি শিল্পী ড০ ভূপেন হাজৰিকাই এই গীতটি ৰচনা কৰিছিল। তদুপৰি তেওঁ গীতটোৰ সুৰ কৰাৰ লগতে মূল গীতটোত কণ্ঠদানো কৰিছিল।

খাণ্ডুৱে এটা টুইটত কৈছিল যে এই গীতটো প্ৰতিটো চৰকাৰী অনুষ্ঠানতে পৰিৱেশন কৰা হয়। “গীতটোৱে আমাৰ সুন্দৰ ৰাজ্যৰ প্ৰতি মৰমৰ মহান অনুভূতি সৃষ্টি কৰে” বুলিও মন্তব্য কৰে প্ৰেমা খাণ্ডুৱে।

 

“হামাৰা অৰুণাচল’ হৈছে সংগীতজ্ঞ ভূপেন হাজৰিকাৰ দ্বাৰা লিখা এটা গীত, আৰু আজি প্ৰতিটো চৰকাৰী অনুষ্ঠানতে আমাৰ সুন্দৰ ৰাজ্যৰ প্ৰতি প্ৰেমৰ মহান অনুভূতি সৃষ্টি কৰি এই গীতটি গোৱা হয়।” ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা ভিডিঅ’ গানটো শ্বেয়াৰ কৰি খাণ্ডুৱে টুইট কৰে।

গীতটোৰ যোগেদি চিৰ সেউজ অৰুণাচলৰ কৃষ্টি-সংস্কৃতি, বিনন্দীয়া প্ৰকৃতিৰ বৰ্ণনা কৰা হৈছে। ১৯৭৬ চনত ‘মেৰা ধৰম,মেৰী মা’ নামৰ চিনেমাখনত এই গীতটো প্ৰথম বাৰৰ কাৰণে অন্তৰ্ভুক্ত হৈছিল।এই গীতটিকেই পিছলৈ অৰুণাচল চৰকাৰে ৰাজ্যখনৰ জাতীয় সংগীত ৰূপে স্বীকৃতি দিয়ে।