NORTHEAST NOW (Assamese)
অসম

বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হিংসা,আৰক্ষীৰ শূন্যলৈ গুলীচালনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2020 2:47 pm

হিংসাত্মক ঘটনাৰ মাজেৰে বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হয়।

কোকৰাঝাৰ  আৰু চিৰাং জিলাত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ লোকে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটদানৰ বাবে শাৰী পাতে।

শীতকো নেওঁচি বহু বয়োজ্যেষ্ঠ ভোটাৰেও ভোটদানৰ বাবে ওলাই অহাৰ কথাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

প্ৰায় ১০.২৩লাখ ভোটাৰে আজি ১১১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শক্তিশালী প্ৰাৰ্থীসকলৰ ভিতৰত বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী আদি অন্যতম।

হাগ্ৰামা মহিলাৰীয়ে দেবৰগাওঁ সমষ্টিৰ পৰা আৰু খাম্ফা বৰগয়াৰীয়ে কচুগাওঁ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।

ইপিনে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে চিৰাঙৰ দত্তপাৰাত ইউপিপিএল আৰু বিপিএফ কৰ্মীৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে।এই ঘটনাত দুয়ো পক্ষৰে বহু কেইজন লোক আহত হয়।আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে

উল্লেখ্য ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ওদালগুৰিৰ ১০ টা আৰু বাকছাৰ ১১ টা সমষ্টি বিভিন্ন দলৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিটিচিৰ ২১ খন আসনৰ বাবে ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল।