NORTHEAST NOW (Assamese)

তোলনীয়া সন্তানক বলাৎকাৰ: অসমৰ ব্যক্তিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে অৰুণাচলৰ আদালতে

February 11, 2022 5:52 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ এজন ৩৫ বছৰীয়া ব্যক্তিক নিজৰ তোলনীয়া কন্যা সন্তানক কেইবাবাৰো বলাৎকাৰ কৰাৰ অপৰাধত অৰুণাচল প্ৰদেশৰ এখন আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আদালতে এই শাস্তি প্ৰদান কৰে।

লগতে বলাৎকাৰী ভৱানী ছেত্ৰীক আদালতে ৫০০০ টকাৰ জৰিমনা আৰোপ কৰে।উল্লেখ্য যে ভৱানী ছেত্ৰী অসমৰ বিশ্বনাথ জিলাৰ বাসিন্দা।

ছেত্ৰীয়ে ২০২০ চনৰ মাৰ্চৰ পৰা ২০২১ বৰ্ষৰ এপ্ৰিলৰ ভিতৰত তেওঁৰ ১৪ বছৰীয়া কন্যাক তিনিবাৰ ধৰ্ষণ কৰিছিল।

ভুক্তভোগীগৰাকীক অৰুণাচল প্ৰদেশৰ টাৱাঙৰ কেলেংটেং গাঁৱত তিনিটা পৃথক পৃথক স্থানত ধৰ্ষণ কৰা হৈছিল।

আনহাতে কিশোৰীগৰাকীয়ে মাতৃৰ আগত এই কথা প্ৰকাশ কৰিলে ভয়ানক শাস্তিৰ ভাবুকি দিছিল ছেত্ৰীয়ে।

অৱশ্যে ভুক্তভোগী কিশোৰী গৰাকীয়ে তাইৰ বন্ধুবৰ্গক এই বিষয়ে অৱগত কৰিছিল। লগে লগে তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিল।

ভুক্তভোগী কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত ভৱানী ছেত্ৰীক যোৱা বছৰ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল।

Related News