NORTHEAST NOW (Assamese)

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am · এন ই নাও নিউজ, গুৱাহাটী

অৰুণাচল প্ৰদেশৰ হোজ-পোটিন পথত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা জৰুৰীকালীন পৰিস্থিতিৰ মাজতে আৱদ্ধ হৈ থকা বাণিজ্যিক বাহনসমূহৰ পৰা একাংশ দুৰ্বৃত্তই সামগ্ৰী লুটপাত আৰু চুৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত পথ অৱৰোধ হোৱা আৰু প্ৰতিকূল বতৰৰ বাবে আৱদ্ধ হৈ পৰা বাণিজ্যিক বাহনসমূহৰ গৰাকীসকলে এই অভিযোগ উতথাপন কৰিছে।

ভুক্তভোগী বাহনৰ গৰাকীসকলে জানিবলৈ দিয়া মতে, ভূমিস্খলনৰ ফলত হোৱা পথ অৱৰোধ আৰু নিৰাপত্তাহীন পৰিৱেশৰ লগতে একাংশ স্থানত হঠাতে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে চালক তথা অপাৰেটৰসকলে সাময়িকভাৱে উক্ত স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এনেদৰে নিৰাপত্তাহীন অৱস্থাত পথত এৰি যোৱা বাহনসমূহৰ পৰাই অচিনাক্ত দুৰ্বৃত্তই বিভিন্ন সামগ্ৰী আৰু যন্ত্ৰাংশ খুলি লৈ যায়। দুৰ্যোগৰ এনে এক ভয়াৱহ পৰিস্থিতিৰ সুযোগ লৈ আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ কাঢ়ি নিয়া কাৰ্যত ভুক্তভোগীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত লোকসকলে সংকটৰ সময়ত জনসাধাৰণক শালীনতা, সংযম আৰু মানৱীয় আচৰণ বজাই ৰাখিবলৈ আহ্বান জনাইছে। দুৰ্যোগৰ সময়ত এনে অবৈধ কাৰ্যই সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাত যাতে কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে, তাৰ প্ৰতি সকলোৱে সচেতন হোৱাটো প্ৰয়োজন বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

আৱদ্ধ হৈ থকা বাহনসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অধিক লোকচান প্ৰতিৰোধ কৰিবলৈ ভুক্তভোগী গৰাকীসকলে বৰ্তমান কৰ্তৃপক্ষক জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। দুৰ্যোগপীড়িত অঞ্চলসমূহত নিৰাপত্তা আৰু তদাৰকী বৃদ্ধি কৰিবলৈ তেওঁলোকে প্ৰশাসনলৈ আহ্বান জনাইছে যাতে দুৰ্বৃত্তই এনে পৰিস্থিতিৰ পুনৰ সুযোগ লব নোৱাৰে। অৱশ্যে বৰ্তমানলৈকে প্ৰশাসন বা আৰক্ষীৰ তৰফৰ পৰা এই লুটপাতৰ অভিযোগ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

Related News