NORTHEAST NOW (Assamese)
Popular Stories

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 30, 2026 10:09 am

প্ৰতিদিনে বিমানবন্দৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰলৈ বিমান উৰি থাকে। এই আকাশত ভাসমান বিমানে লাখ লাখ যাত্ৰীক নিজৰ গন্তব্যস্থানলৈ লৈ যায়। কিন্তু যদি বিমানবন্দৰটোও ভাসমান হয় তেন্তে কেনেকুৱা হ’ব? আকাশত নহয়, ওপঙি থাকিব পানীত। মহাৰাষ্ট্ৰত বাস্তৱায়িত হ’বলৈ গৈ আছে এই বিমানবন্দৰ।

মহাৰাষ্ট্ৰ চৰকাৰে দেশৰ প্ৰথমটো ভাসমান বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ পশ্চিম উপকূলত প্ৰস্তাৱিত বিমানবন্দৰ নিৰ্মাণৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। এই বিমানবন্দৰৰ সৈতে ‘উত্তন-বিৰা ছি লিংক’ সংযোগ কৰা হ’ব বুলিও জনা গৈছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে দায়িত্বশীল বিষয়াসকলক নিৰ্দেশ দিছে।

এই ভাসমান বিমানবন্দৰটো সাধাৰণ বিমানবন্দৰৰ পৰা কিমান পৃথক হ’ব? ই কি কি সুবিধা প্ৰদান কৰিব?

সাগৰৰ ওপৰত এটা কৃত্ৰিম দ্বীপ সৃষ্টি কৰি যদি এটা বিমানবন্দৰ নিৰ্মাণ কৰা হয়, ইয়াক ভাসমান বিমানবন্দৰ (ফ্লোটিং এয়াৰপোৰ্ট) বোলা হয়। এই ধাৰণাটো পৃথিৱীত নতুন নহয়। জাপান, চীন, দক্ষিণ কোৰিয়াৰ দৰে দেশত ইতিমধ্যে ভাসমান বিমানবন্দৰ কাৰ্যকৰী কৰা হৈছে, যাৰ পৰা এতিয়া দেশসমূহে লাভৱান হৈছে।

দৰাচলতে বিমানবন্দৰ নিৰ্মাণৰ বাবে বহু মাটিৰ প্ৰয়োজন হয়, যিটো জনবসতিপূৰ্ণ অঞ্চলত পোৱাটো কঠিন। এই পৰিস্থিতিত ভাসমান বিমানবন্দৰ এটা আদৰ্শ বিকল্প হৈ পৰে। চৰকাৰৰ মতে এই প্ৰকল্পই মুম্বাই মহানগৰ অঞ্চলক তীব্ৰবেগী ৰে’ল, বাধৱন বন্দৰ আৰু আধুনিক ঘাইপথৰ সৈতে সংযোগ কৰি অৰ্থনৈতিক পৰিস্থিতি সলনি কৰিব।

মহাৰাষ্ট্ৰ চৰকাৰে জনাইছে যে পালঘৰ জিলাৰ কোৰে বিচৰ সমীপত এই প্ৰস্তাৱিত ভাসমান বিমানবন্দৰ নিৰ্মাণ কৰা হ’ব। প্ৰতি বছৰে প্ৰায় ৯ কোটি লোক এই বিমানবন্দৰৰ পৰা উপকৃত হ’ব। বাধৱন সাগৰীয় বন্দৰ আৰু সংযোগী এক্সপ্ৰেছৱেও এই প্ৰকল্পৰ অধীনত আছে।

বিশেষজ্ঞসকলে কয় যে চৰকাৰে সাগৰীয় বন্দৰ, বিমানবন্দৰ আৰু সংযোগী এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰি মুম্বাইৰ সামগ্ৰিক আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্য লৈছে। যদি এই প্ৰকল্প কাৰ্যকৰী হয় তেন্তে দেশৰ অৰ্থনীতি নিঃসন্দেহে উপকৃত হ’ব।