NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় গণনা আৰম্ভ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ March 26, 2022 3:38 pm
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় গণনা কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত চলোৱা হয় গণনাকাৰ্য।

পুৱাৰে পৰা বনাঞ্চলখনত গঁড় গণনা কাৰ্যসূচী ৰূপায়ণ কৰে বনকৰ্মী, গণনাকাৰী বিশেষজ্ঞৰ লগতে স্বেচ্ছাসেৱকৰ দলে।

পূৰ্বৰ দৰেই পৰম্পৰাগত পদ্ধতিৰে পোনপটীয়াকৈ সম্পন্ন কৰা হয় গঁড় গণনা কার্য।

জীপ, হাতীৰ পিঠিত উঠি আৰু খোজকাঢ়ি এই গণনা সম্পন্ন কৰি উৎফুল্লিত হৈ পৰে গণনাকাৰীসকল৷

বুঢ়াপাহাৰ বনাঞ্চলত পূৰ্বৰ তুলনাত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱা বুলিও প্ৰকাশ কৰে গণনাকাৰ্যত জৰিত লোকসকলে।