NORTHEAST NOW (Assamese)
অৰুণাচল

হিমস্খলনত নিহত সাত সেনা জোৱানলৈ ৪ লাখ টকাৰ সাহাৰ্য্য অৰুণাচল চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2022 11:45 am
Army Personnel Killed In Avalanche

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰাণ হেৰুওৱা সেনা জোৱানসকলৰ পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪ লাখকৈ টকা ক্ষতিপূৰণ ঘোষণা কৰিছে।

 

সেনা জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে শোকসন্তপ্ত পৰিয়ালসমূহক এই শোকাৱহ ক্ষতিৰ বাবে শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও সৈনিকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অনুকৰণীয় সেৱা কেতিয়াও পাহৰিব নোৱাৰিব।

ৰাষ্ট্ৰপতি কোবিন্দে সৈনিক সকলৰ প্ৰতি সন্মান জনাই কয় যে সৈনিকসকলে দেশৰ সেৱাত প্ৰাণ দিছিল আৰু তেওঁলোকৰ নিস্বাৰ্থ ত্যাগ স্মৰণ কৰা হ’ব।

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং খণ্ডৰ এটা উচ্চ অঞ্চলত হিমস্খলনৰ ফলত ৭ জন সেনা জোৱান সন্ধানহীন হৈছিল।

মঙ্গলবাৰে ভাৰতীয় সেনাই সন্ধানহীন জোৱান কেইজনৰ মৃত্যু নিশ্চিত কৰাৰ লগতে হিমস্খলনস্থলীৰ পৰা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছিল।