NORTHEAST NOW (Assamese)
Popular Stories

বৃদ্ধি কৰা হ’ল ইটানগৰ, টাৱাঙকে ধৰি অৰুণাচলৰ কেইবাখনো জিলাৰ লকডাউনৰ ম্যাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2021 7:47 pm
বৃদ্ধি কৰা হ’ল ইটানগৰ, টাৱাঙকে ধৰি অৰুণাচলৰ কেইবাখনো জিলাৰ লকডাউনৰ ম্যাদ

অৰুণাচলৰ কেইবাখনো জিলাত বলৱৎ হৈ থকা লকডাউনৰ ম্যাদ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

শুকুৰবাৰে লোৱা সিদ্ধান্ত অনুসৰি ৩১ মে’ত শেষ হ’ব লগা লকডাউন ৭ জুনলৈকে বাহাল ৰখা হ’ব।

ৰাজ্যখনত ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ ফলস্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

ৰাজ্যখনৰ ৰাজধানী ইটানগৰ, টাৱাং, নামনি শোৱনশিৰী, নামছাই, উজনি শোৱনশিৰী, লোহিত আৰু আনজাও জিলাত এই লকডাউন বলৱৎ কৰা হৈছে।