NORTHEAST NOW (Assamese)

‘হাত’ত ধৰিবলৈ হেতা-ওপৰা অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী, বিধায়কৰ

February 20, 2019 6:49 pm · এন ই নাও নিউজ
প্ৰতীকী ফাইল ছবি।

মোদী-প্ৰতিশ্ৰুতি পূৰণ হোৱা-নোহোৱাক লৈ তীব্ৰ বাক-বিতণ্ডা থাকিলেও, চুবুৰীয়া অৰুণাচল প্ৰদেশ কংগ্ৰেছলৈ নিশ্চিতভাৱে আহিছে “অচ্ছে দিন”।

পাহাৰীয়া ৰাজ্যখনৰ বহুকেইজন শীৰ্ষ গেৰুৱা নেতাই পদুম এৰি ধৰিছেহি হাত। অকল বিজেপিয়ে নহয়, নেদাৰ অংশীদাৰ এন পি পিৰ দুজন নেতায়ো শেহতীয়াকৈ বিৰোধী দলটোত যোগ দিছে।

দেশৰ আসন্ন সাধাৰণ নিৰ্বাচনৰ লগতে বিধান সভা নিৰ্বাচনৰ মুখে আগবঢ়া ৰাজ্যখনত যোৱা ডিচেম্বৰৰ পৰা কমেও ১৯ গৰাকী শীৰ্ষ ৰাজনীতিকে কংগ্ৰেছত যোগ দিছে, ইন্দিয়ান এক্সপ্ৰেছ-ৰ বাতৰিত প্ৰকাশ।

ৰাজ্যখনৰ দুবাৰৰ মুখ্য মন্ত্ৰী গেগং আপাং, প্ৰাক্তন গৃহ মন্ত্ৰী জে’মছ এল ৱাংলাত আৰু প্ৰাক্তন মন্ত্ৰীদ্বয় তাতাৰ কিপা আৰু অতাম ৱেলিও আছে বিজেপি-ত্যাগীৰ তালিকাত।

উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ পিছতো নাগৰিকত্ব বিধেয়ক গ্ৰহণৰ বাবে আঁকোৰগোজ হৈ থকাৰ বাবেই গেৰুৱা শিবিৰ ত্যাগ কৰা বুলি জনাইছে কিপা আৰু ৱেলিয়ে।

গেৰুৱা দলটোৰ ক্ষমতা দখলৰ ৰাজনীতি “শ্বাসৰুদ্ধকৰ” বুলি অভিযোগ কৰি দল এৰা প্ৰাক্তন মুখ্য মন্ত্ৰী আপাঙৰ কংগ্ৰেছত যোগদান এতিয়াও নিশ্চিত হোৱা নাই।

প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী তাকাম সঞ্জয়ে আৰু বহু বিজেপি নেতায়ো তেওঁৰ দলত যোগ দিয়াৰ ইংগিত দিছে।

আশা কৰাৰ দৰেই নেতাসকলৰ দলত্যাগে কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰিছে অৰুণাচল প্ৰদেশ বিজেপিৰ মুৰব্বী তাপিৰ গাৱে।

Related News