NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সন্ধানহীন পাঁচগৰাকী যুৱকৰ সন্ধান লাভ পি এল এৰ : কিৰেণ ৰিজিজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 7:14 pm
অৰুণাচলৰ ভাৰত-চীন সীমান্তত সন্ধানহীন পাঁচগৰাকী যুৱকৰ সন্ধান লাভ পি এল এৰ : কিৰেণ ৰিজিজু

ছেপ্তেম্বৰৰ ৪ তাৰিখৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলৰ পৰা সন্ধানহীন হৈ থকা চাৰি গৰাকী যুৱকক চীনৰ পিপ’লছ ৰিপাব্লিক আৰ্মিয়ে উদ্ধাৰ কৰিছে।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুই মঙলবাৰে এই কথা প্ৰকাশ কৰে।

চীনৰ পি এল এ ভাৰতীয় সেনাৰ তৰফৰ পৰা প্ৰেৰণ কৰা বাৰ্তাৰ উত্তৰ প্ৰেৰণ কৰিছে বুলি টুইটাৰ যোগে ৰিজিজুই কয়।

পিপ’লছ ৰিপাব্লিক আৰ্মিয়ে অৰুণাচল প্ৰদেশ সীমান্তত সন্ধানহীন হোৱা যুৱক পাঁচ জনক  উদ্ধাৰ কৰিছে বুলি নিশ্চিত কৰি ভাৰতীয় সেনালৈ বাৰ্তা প্ৰেৰণ কৰে।

যুৱক কেইগৰাকীক ভাৰতলৈ ঘুৰাই অনাৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপ সমূহ পৰ্যায়ক্ৰমে গ্ৰহণ কৰি থকা হৈছে বুলিও লগতে জানিবলৈ দিয়ে।

অৰুণাচলপ্ৰদেশৰ ভাৰত-চীন সীমান্তত সন্ধানহীন হৈ থকা অৰুণাচলৰ যুৱক কেইগৰাকী হৈছে ক্ৰমে- ট’ছ ছিংগকাম, প্ৰশান্ত ৰিংগলিঙ, দোংগটু ইবিয়া, টানু বাকেৰ আৰু নাগাৰু ডিৰি।

আনহাতে, চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰই চীনে অৰুণাচলপ্ৰদেশৰ স্বীকৃতি নিদিয়ে বুলি মন্তব্য কৰাৰ পাছতে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চীনক এনেধৰণৰ বিবেকহীন মন্তব্য নকৰিবলৈ সকীয়াই দি অৰুণাচলক চীনৰ স্বীকৃতিৰ প্ৰয়োজন নাই বুলি কয়।