NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠৰ ওপজা দিনতো নিমাওমাও পৰিৱেশ কলিয়াবৰৰ কুঠৰীৰ এসময়ৰ আৱাসগৃহ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা September 8, 2020 7:30 pm
IMG-20200908-WA0064

আজি সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ গৰাকীক স্মৰণ কৰা হৈছে যদিও বাদ পৰি ৰ’ল ডঃ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ বাসগৃহ।

কলিয়াবৰৰ কুঠৰীৰ এসময়ৰ আৱাসগৃহত ৰজাঘৰীয়া কিম্বা প্ৰজাঘৰীয়া কাৰোৰে যেন আজৰি নহল সুধাকণ্ঠক স্মৰণ কৰাৰ।

ইয়াৰ মাজতো সুধাকণ্ঠৰ মৰমৰ বাসগৃহ কলিয়াবৰৰ কুঠৰীত এক বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল।

এসময়ৰ ভূপেন হাজৰিকাৰ সহকৰ্মী, কুঠৰীৰ বাসগৃহ চোৱা চিতা কৰা সুৰেন নেওগে বন্তি প্ৰজ্বলন, পুষ্পঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাই সুধাকন্ঠৰ প্ৰতিমূৰ্তিত।

বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে সুধাকণ্ঠৰ গৃহটো সংৰক্ষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী নহ’ল সেই কাম।

সময় থাকোতেই যদি সুধাকণ্ঠৰ গৃহটো সংৰক্ষণ কৰা নহয় তেনেহ’লে অনাগত দিনত কলিয়াবৰৰ নৱপ্ৰজন্ম কলিয়াবৰৰ সৈতে সুধাকণ্ঠৰ গৃহটোৰ লগতে ভূপেনদাৰ সমন্ধৰ বিষয়ে অজ্ঞাত হৈয়ে থাকি যাব।