NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলক এখন আগশাৰীৰ ক্ৰীড়া ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব : ৰিজিজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2019 8:21 am
Lead-2

ক্ৰীড়া ক্ষেত্ৰত অৰুণাচল প্ৰদেশক এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ (স্বতন্ত্ৰ) ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

সোমবাৰে ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মামা নাটুঙে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুক সাক্ষাৎ কৰি এইদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে।

উল্লেখ্য যে ভাৰতৰ ভিতৰত অৰুণাচল প্ৰদেশেই একমাত্ৰ এনে ৰাজ্য য’ত এখনো ভাল, উচ্চমান সম্পন্ন প্ৰতিষ্ঠিত ষ্টেডিয়াম নাই। সেয়ে ৰাজ্যৰ ক্ৰীড়াৰ উত্তৰণৰ দিশত আন্তঃগাথনি উন্নয়নকে ধৰি অন্যান্য সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি নিজ ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী গৰাকীৰ আগত ৰিজিজুৱে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰে তেওঁৰ বিভাগৰ অধীনত হৈ থকা কাম সমূহ পৰ্যবেক্ষণ কৰিবলৈ যাব বুলিও সোমবাৰে জানিবলৈ দিয়ে।