NORTHEAST NOW (Assamese)
অসম

ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব চলিত বছৰৰ আই পি এল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 1:15 pm
ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব চলিত বছৰৰ আই পি এল

চলিত বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখন ক’ৰ’না মহামাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে সোমবাৰে স্থগিত কৰাৰ ঘোষণা কৰে।

এই খবৰৰ পিছতেই এতিয়া চলিত বছৰৰ আই পি এল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আই পি এলৰ বাবে ২৬ ছেপ্তেম্বৰৰ পৰা ৮ নৱেমম্বৰলৈকে সূচী নিৰ্ধাৰণ কৰা হৈছে।

বি চি চি আইয়ে অহা ১৪ দিনৰ ভিতৰত আই পি এলৰ স্থান মঞ্জুৰিৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক কৰিব।

ভাৰতৰ বিপৰীতে UAE-ত আই পি এল অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইতিমধ্যে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আই পি এলৰ বাবে ভাৰত প্ৰথম পচন্দ বুলি উল্লেখ কৰি থৈছে। কিন্তু ক’ৰ’নাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখন UAE-লৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

ইফালে আই পি এল গভৰ্নিং কাউঞ্চিলৰ অধ্যক্ষ বৃজেশ পেটেলে ইণ্ডিয়া টুডেক জনোৱা মতে কেই সপ্তাহমান পিছত বি চি চি আইয়ে ভাৰত চৰকাৰক UAE-ত আই পি এল অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদানৰ বাবে আবেদন জনাব।

বি চি চি আইৰ মতে UAE-ত যাতায়ত ব্যৱস্থাৰ লগতে চিকিৎসা সেৱা অধিক উন্নত। তদুপৰি আই পি এল আয়োজন কৰাৰ অভিজ্ঞতাও আছে।