NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই ভাৰততো আৰম্ভ হ’ব অক্সফ’ৰ্ডৰ ভেকচিনৰ ট্ৰায়েল! পুনেৰ ছেৰাম ইনষ্টিটিউটৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 12:33 pm
Coronavirus-Vaccine

কৰ’নাৰ সংহাৰৰ মাজতে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ভেকচিনে বিশ্বত এক আশাৰ সঞ্চাৰ কৰিছে।

প্ৰথম পৰ্যায়ৰ হিউমনে ট্ৰায়েলত সফলতা লাভ কৰাৰ পাছত মেডিকেল জাৰ্ণেল Lancetত কোৱা হৈছে,’’ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ChAdOx-1 ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগত সফলতা লাভ কৰা হৈছে। এই ভেকচিন সুৰক্ষিত।‘’

প্ৰতিবেদন প্ৰকাশ পোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে পুনেৰ ছেৰাম ইনষ্টিটিউটে(Serum Institute of India) ঘোষণা কৰে যে চৰকাৰে অনুমতি দিলে শীঘ্ৰেই ভাৰততো ইয়াৰ হিউমেন ট্ৰায়েল আৰম্ভ কৰা হ’ব।

সেয়াই নহয়, অনুজ্ঞাপত্ৰ পালে বিশ্বৰ বৃহৎ ভেকচিন প্ৰস্তুতকাৰী সংস্থাটোৱে দেশতেই ব্যাপক মাত্ৰাত এই ভেকচিন প্ৰস্তুত কৰিবলৈ আগ্ৰহী।

মঙলবাৰে ছেৰাম ইনষ্টিটিউটৰ নেতৃত্ব দিয়া আদৰ পুনাওৱালাই সদৰী কৰে যে ভাৰতত আগষ্ট মাহতেই অক্সফ’ৰ্ডৰ ভেকচিনৰ ট্ৰায়েল আৰম্ভ হৈ যাব পাৰে।

তেওঁ কয়, ‘’এসপ্তাহৰ ভিতৰতে আমি অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিম। অনুমতি পালেই হিউমেন ট্ৰায়েল আৰম্ভ কৰা হ’ব আৰু ইয়াৰ লগে লগে দেশতেই ব্যাপক মাত্ৰাত ভেকচিনৰ উৎপাদন আৰম্ভ কৰা হ’ব।‘’

সোমবাৰে Lancet ত অক্সফ’ৰ্ডৰ বিজ্ঞানীসকলে দাবী কৰিছিল যে ChAdOx-1 ভেকচিনে মানৱ দেহত তেনেধৰণে কোনো জটিল পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰা নাই।