NORTHEAST NOW (Assamese)
অসম

ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমলেন্দু চক্ৰবৰ্তীলৈ মথুৰাদাস বুঢ়া আতা বঁটা

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস January 11, 2020 5:26 pm

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ প্ৰদত্তই শংকৰদেৱৰ ধৰ্ম-দৰ্শনৰ প্ৰৱক্তা, বিশিষ্ট গৱেষক, প্ৰচাৰক তথা হোজাইস্থিত ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰবৰ্তীক আজি মথুৰাদাস বুঢ়া আতা বঁটা প্ৰদান কৰে।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসে উদ্ধোধন কৰা অনুষ্ঠানত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ মাধপুৰ চেকুৰীয়া নিবাসী মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিৰ সাধক-প্ৰচাৰক তথা সত্ৰ সংগঠক বেণুধৰ কছাৰীক সত্ৰভূষণ উপাধি প্ৰদান কৰা হয়।

বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী তথা বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাৰ নামেৰে ২০১৩ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ অন্তত প্ৰদান কৰি অহা এই বঁটা এইবাৰ অমলেন্দু চক্ৰবৰ্তীক প্ৰদান কৰাৰ লগতে সত্ৰভূষণ উপাধি প্ৰদান কৰে সত্ৰ সংগঠক বেণুধৰ কছাৰীক ৷

সেই উদ্দেশ্যে বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা আৰু উপাধি প্ৰদান অনষ্ঠানত সাহিত্যাচাৰ্য বসন্ত কুমাৰ ভট্টাচাৰ্য, স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।