NORTHEAST NOW (Assamese)

ৰৈ ৰৈ বিনালে যেতিয়ালৈকে চলি থাকিব, তেতিয়ালৈকে অসমৰ চিনেমা হ’লত প্ৰদৰ্শন নহয় কোনো হিন্দী ছবি

October 27, 2025 5:07 pm · এন ই নাও নিউজ, গুৱাহাটী

মুক্তি পাব লগা জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ চিনেমাখন সম্পৰ্কে হোটেল এপ গ্ৰেণ্ডত আজি এক সংবাদ মেল সম্বোধন কৰে সদৌ অসম চিনেমা হলৰ মালিক সন্থাই।

সদৌ অসম চিনেমা হলৰ মালিক সন্থাই ৰৈ ৰৈ বিনালেৰ টিকটৰ মূল্য বৃদ্ধি সম্পৰ্কে চলি থকা বিতৰ্কক লৈ কয় যে  আমি জুবিনৰ নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰিবলৈ চেষ্টা কৰা নাই। আমি টিকটৰ মূল্য বৃদ্ধি কৰা নাই। টিকটৰ মূল্য বৃদ্ধি হোৱা বুলি দাবী কৰাসকলে তথ্যৰ সত্যতা পৰীক্ষা কৰা উচিত। আমি যিটো সংশোধন কৰিছো সেয়া কেৱল শ্বৰ সংখ্যাহে, টিকটৰ মূল্য নহয়

অসমত হিন্দী ছবিৰ ক্ৰমবৰ্ধমান আধিপত্যৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰি সন্থাই ঘোষণা কৰে যে যেতিয়ালৈকে ৰৈ ৰৈ বিনালে চলি থাকিব, তেতিয়ালৈ আমি কোনো হিন্দী ছবি প্ৰদৰ্শন নকৰো

তেওঁলোকে কয়, অসমীয়া প্ৰযোজকৰ উপযুক্ত জ্ঞানৰ অভাৱৰ বাবে হিন্দী আৰু অসমীয়া ছবিৰ মাজত টিকট বিক্ৰীৰ পৰা লাভৰ ভাগ-বতৰাত এক বৃহৎ বৈষম্যৰ সৃষ্টি হৈছে। অনাঅসমীয়া লবীয়ে দীৰ্ঘদিন ধৰি অসমৰ চিনেমা ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰি আহিছে, যাৰ ফলত আমাৰ আঞ্চলিক চলচ্চিত্ৰ উদ্যোগৰ ক্ষতি হৈছে।

তেওঁলোকে লগতে কয় যে ৰৈ ৰৈ বিনালে কেৱল এখন ছবি নহয়এয়া অসমৰ জনসাধাৰণৰ বাবে এক আৱেগিক আন্দোলন। যদি জুবিনৰ পূৰ্বৰ ছবিসমূহ অনুৰাগীয়ে দুবাৰকৈ চাইছিল, তেন্তে এই ছবিখন চাৰিবাৰ চাব। এই ছবিয়ে ইতিহাস সৃষ্টি কৰিবএই অভিলেখ কেতিয়াও কোনেও ভংগ কৰিব নোৱাৰিব।

Related News