NORTHEAST NOW (Assamese)

কঠোৰ আৰক্ষী; ধুবুৰীত ল’কডাউনৰ উলংঘা কৰাৰ অপৰাধত তিনিশৰো অধিক লোকক গ্ৰেপ্তাৰ

April 23, 2020 9:22 am · মুকেশ কুমাৰ সিং
Updated: April 23, 2020 9:27 am
প্ৰতিনিধিত্বমূলক ছবি

ক’ৰ’নাতংকৰ বাবে দেশজুৰি বলবৎ আছে ল’কডাউন।

এই ল’কডাউন উলংঘা কৰাৰ অপৰাধত ধুবুৰী জিলাত প্ৰায় ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।

জিলাখনত ল’কডাউন উলংঘনৰ ঘটনাৰ বাবে বৰ্তমানলৈকে প্ৰায় ৮০ খন এজাহাৰ জিলাখনৰ বিভিন্ন থানাত পঞ্জীয়ন কৰা হৈছে।

উক্ত সময়ছোৱাত জিলাখনত ১০০ খন মটৰ চাইকেল, ২৫০ খন বাইচাইকেল আৰু ১০ খন যন্ত্ৰচালিত নাও জব্ধ কৰিছে আৰক্ষীয়ে। চাৰিচকীয়া ৪ খন বাহনৰ লগতে এখনকৈ ট্ৰাক, বাছ আৰু জেচিবিও জব্ধ কৰিছে আৰক্ষীয়ে।

জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই কয় যে গ্ৰেপ্তাৰ কৰা অধিকাংশ লোককে ল’কডাউন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰ প্ৰায় ৫০ জন লোক ইতিমধ্যে জামিন লাভ কৰিছে। আন সকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এজাহাৰসমূহৰ অধিকাংশই ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮/২৬৭ আৰু ৫১ (বি)২০০৫ ধাৰাত পঞ্জীয়ন কৰা হৈছে।

এতিয়ালৈকে জিলাখনৰ ধুবুৰী সদৰ থানাত ৩২ টা, গৌৰিপুৰ থানাত ১১, গোলোকগঞ্জ থানাত ১৫, আগমনিত ৫, তমাৰহাটত ১, বিলাসীপাৰা থানাত ১০ আৰু চাপৰ থানাত ৬ টাকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে।

Related News