NORTHEAST NOW (Assamese)
অসম

মুম্বাইৰ ৯৯ শতাংশ আই চি য়ু বিচনা ৰোগীৰে ভৰ্তি; বি এম চিৰ উদ্বেগজনক তথ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 6:22 pm

সমগ্ৰ দেশৰ ভিতৰত মুম্বাইত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

বৃহানমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন চমুকৈ বি এম চিৰ তথ্য অনুসৰি মুম্বাইত কোভিড-১৯ ৰোগীৰ বাবে সাজু কৰি ৰখা আই চি য়ুৰ সুবিধা বৃহস্পতিবাৰে প্ৰায় ৯৯ শতাংশ ভৰ্তি হৈ পৰিছে।

মুম্বাইত থকা ৬৪৫ খন আই চি য়ু বিচনাৰ ভিতৰত ৯৯ শতাংশ ইতিমধ্যে ভৰ্তি হৈ পৰিছে।

আনহাতে, অক্সিজেনৰ সুবিধা থকা ৪,২৯২ খন বিচনাৰ ভিতৰত ৬৫ শতাংশ ভৰ্তি হৈ পৰা বুলি বি এম চিৰ তথ্যত প্ৰকাশ পাইছে।

৩৭৩ ভেণ্টিলেটৰৰ সুবিধাৰ ভিতৰত ৭২ শতাংশ ভেণ্টিলেটৰ ৰোগী সকলৰ বাবে ব্যৱহৃত হৈ আছে।

বৃহস্পতিবাৰে মুম্বাইত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫,২৭৩ গৰাকীলৈ বৃদ্ধি পায়।

মহাৰাষ্ট্ৰত কোভিড-১৯ আক্ৰান্তৰ সংখ্যাই ৫৫,০০০ সীমা অতিক্ৰম কৰিছে।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি কোভিড-১৯ আক্ৰান্তৰ সংখ্যাই ৯০০ ৰ সীমা অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত অসমত ২২ গৰাকী লোকক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।