NORTHEAST NOW (Assamese)

কৃষক বিদ্ৰোহৰ পৰিণতি, কেৱল পিঁয়াজৰ বাবে দেশৰ ক্ষমতা হেৰুৱালে ৰাষ্ট্ৰপতিয়ে!

April 12, 2024 12:20 pm · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটোঃ সংগ্ৰহীত।

অবিশ্বাস্য যদিও চিন্তনীয় এক ঘটনা। পিঁয়াজৰ দামৰ বাবেই হেনো ক্ষমতা হেৰুৱালে দেশৰ ৰাষ্ট্ৰপতিয়ে। দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই ঘটনা।

দেশখনত এইবাৰ নির্বাচনত কিছু সৰু সৰু বিৰোধী দলে বিৰোধী ডি পি কেৰ লগত মিত্রতা কৰিছিল৷ ভোটাৰৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব নিদিয়াৰ বাবে কেইবা সপ্তাহ ধৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছিল ৰাষ্ট্ৰপতি ইউন ছুক-ইয়ন। স্প্ৰিং অনিয়ন (সেউজীয়া পিঁয়াজ)ৰ দাম ইমান যুক্তিসংগত হোৱাৰ বাবে তেওঁ আচৰিত হোৱাৰ কথা প্ৰকাশ কৰিছিল।

লগতে পঢ়কঃ ৰাহুল গান্ধীৰ ডাঙৰ প্ৰতিশ্ৰুতি, দুখীয়া মহিলাৰ একাউণ্টত সোমাব বছৰি ১ লাখ টকা!

ইয়াৰ পিছত তেওঁৰ এই মন্তব্যত ক্ষোভিত হৈ পৰে নেটিজেনসকল। তেওঁ কৈছিল যে এপেকেট বা এমুঠি সেউজীয়া পিঁয়াজৰ বাবে ৮৭৫ ৱন (দক্ষিণ কোৰিয়াৰ মুদ্ৰা)ৰ দাম যুক্তিসংগত। ৮৭৫ দক্ষিণ কোৰিয়ান ৱন ভাৰতীয় মুদ্ৰাত ৫৩ টকাৰ সমতুল্য।

দেশখনৰ কৃষকসকলে সেউজীয়া পিয়াঁজ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ডি পি কেৰ নিৰ্বাচনী সভাত প্ৰচাৰৰ আহিলা হিচাপেও ব্যৱহাৰ কৰা হয় পিঁয়াজক।

কিন্তু দক্ষিণ কোৰিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ইয়নৰ দলৰ পৰাজয়ৰ আঁৰত পণ্যৰ দাম মাথোঁ এটা কাৰকহে। তালিকাখন কিন্তু দীঘলীয়া। ইয়ন সদায় নাগৰিকৰ অপছন্দ আছিল আৰু জনপ্ৰিয় নাছিল।

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে অসমত আৱিষ্কাৰ বিৰল প্ৰজাতিৰ বিষাক্ত সাপ

দক্ষিণ কোৰিয়াৰ ইতিহাসৰ আটাইতকৈ সংকীৰ্ণ ০.৭ শতাংশ ব্যৱধানত নিৰ্বাচিত হোৱাৰ পিছত প্ৰতিটো ফলাফল ৩০ৰ পৰা ৪০ শতাংশৰ ভিতৰতে সীমাবদ্ধ হৈ ৰৈছে। 

Related News