NORTHEAST NOW (Assamese)

এলাগী বাতৰিকাকত? ফুটবল দল ক্ৰয় কৰিবলৈ ৱাশ্বিংটন পোষ্ট বিক্ৰী কৰিব বিচাৰে জেফ বেজোছে!

January 24, 2023 7:31 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক প্ৰযুক্তি কোম্পানী আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে তেওঁৰ মালিকীস্বত্বৰ ‘ৱাশ্বিংটন পোষ্ট’ বিক্ৰী কৰিব পাৰে। নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত এই দাবী কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুটবল দল ৱাশ্বিংটন কমাণ্ডাৰ্ছ ক্ৰয় কৰাৰ বাবে এনে সিদ্ধান্ত ল’বলৈ গৈ আগবাঢ়িছে। অৱশ্যে, বেজোছৰ এজন মুখপাত্ৰৰ উদ্ধৃতিৰে বিভিন্ন সংবাদ মাধ্যমত কোৱা হৈছে যে ৱাশ্বিংটন পোষ্ট বিক্ৰী কৰা নহয়।

বাতৰি অনুসৰি, এজন অধিবক্তাক ৱাশ্বিংটন পোষ্ট বিক্ৰী কৰাৰ দায়িত্ব দিয়া হৈছে। তেওঁ এই সন্দৰ্ভত এটা প্ৰস্তাৱ প্ৰস্তুত কৰিব পাৰে। নিউয়ৰ্ক পোষ্টে প্ৰাৰম্ভিক পৰিকল্পনাৰ সৈতে সম্পৰ্কিত এক সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে। অৱশ্যে, অধিবক্তাজনৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়ক: ফুটবলত অভূতপূৰ্ব দৃশ্য, বগা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে!

আনহাতে, নিউজ কৰ্পোৰেচনৰ মালিকানাধীন এখন আলোচনীৰ এক মুখপাত্ৰই কয় যে ৱাশ্বিংটন পোষ্ট বিক্ৰী কৰা নহয়। নিউজ কৰ্পোৰেচন নিউয়ৰ্ক পোষ্টৰো গৰাকী প্ৰতিষ্ঠান। বেজোছৰ মুখপাত্ৰইও একেই কথা কৈছে।

বেজোছে ২০১৩ চনত ২৫০ নিযুত ডলাৰত ৱাশ্বিংটন পোষ্ট ক্ৰয় কৰিছিল। নিউয়ৰ্ক পোষ্টৰ প্ৰতিবেদন অনুসৰি, তেওঁ ডেন স্নাইডাৰৰ পৰা ফুটবল দল ৱাশ্বিংটন কমাণ্ডাৰ্ছ ক্ৰয় কৰাৰ উপায় বিচাৰি আছে। সম্ভাব্য বিনিয়োগকাৰীসকলে কমাণ্ডাৰ্ছক এক নিশ্চিত লাভজনক বিনিয়োগ হিচাপে চাইছে।

বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বেজোছে কমাণ্ডাৰ্ছৰ মালিকীস্বত্ব ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হ’ব লাগিব। কিয়নো, বাতৰি কাকতখনে দলটোৰ আভ্যন্তৰীণ বিষয়ৰ বিতৰ্কিত ব্যৱস্থাপনা সম্পৰ্কে এটাৰ পিছত এটা প্ৰতিবেদন প্ৰকাশ কৰিছে। যৌন নিৰ্যাতনৰ সুযোগ দিয়া বুলি অভিযোগ তুলি স্নাইডাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক দোষাৰোপ কৰা হৈছে।

লগতে পঢ়ক: মন্দাৱস্থাৰ প্ৰভাৱ! আমেৰিকা যুক্তৰাষ্ট্ৰত চাকৰি হেৰুৱাই বিপদত হাজাৰ হাজাৰ ভাৰতীয়

ফুটবল দল ৱাশ্বিংটন কমাণ্ডাৰ্ছ কৰ্তৃপক্ষই যোৱা সপ্তাহত সম্ভাব্য ক্ৰেতাৰ পৰা প্ৰথম পৰ্যায়ৰ নিলাম মূল্য গ্ৰহণ কৰিছিল। অৱশ্যে, এইটো শুনা গৈছে যে কোম্পানীটোৱে জে-জেডৰ সৈতে আলোচনা কৰি আছে।

উল্লেখ্য যে বেজোছে ৰাজহুৱাভাৱে কৈছিল যে বাতৰি কাকতৰ মালিকীস্বত্ব ক্ৰয় কৰাটো কেতিয়াও তেওঁৰ লক্ষ্য নাছিল। বিত্তীয় স্থিৰতা নিশ্চিত কৰিবলৈ আৰু সকলোকে অনলাইন মাধ্যম সম্প্ৰসাৰিত কৰিবলৈ উৎসাহিত কৰিবলৈ ২০১৩ চনত বাতৰি কাকত খন ক্ৰয় কৰিবলৈ ডনাল্ড গ্ৰাহামে তেওঁক সন্মত কৰিছিল। ডনাল্ড গ্ৰাহাম ৱাশ্বিংটন পোষ্টৰ প্ৰাক্তন স্বত্তাধিকাৰী।

বেজোছে ফুটবলক তেওঁৰ প্ৰিয় খেল বুলি উল্লেখ কৰি আহিছে। অৱশ্যে, তেওঁক কেতিয়াও ৰাষ্ট্ৰীয় ফুটবল লীগৰ মালিকীস্বত্ব অৰ্জন কৰাৰ ইচ্ছা প্ৰকাশ কৰা দেখা যোৱা নাছিল।

লগতে পঢ়ক: ‘ন্যায়াধীশসকলেতো আৰু নিৰ্বাচন খেলিব নালাগে’: কলেজিয়াম বিতৰ্কৰ মাজতে পুনৰ কটাক্ষ ৰিজিজুৰ

বেজোছে মালিকীস্বত্ব ক্ৰয় কৰাৰ পিছত বাতৰি কাকতখনৰ দ্ৰুত সমৃদ্ধি দেখা গৈছিল। ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ প্ৰস্থানৰ পিছত ইয়াৰ প্ৰচলন হ্ৰাস হ’বলৈ আৰম্ভ কৰে। কেইবা বছৰ ধৰি লাভ অৰ্জন কৰাৰ পিছত বাতৰি কাকতখনে ২০২২ চনত লোকচানৰ সন্মুখীন হয়।

Related News