• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ন্যায়াধীশসকলেতো আৰু নিৰ্বাচন খেলিব নালাগে’: কলেজিয়াম বিতৰ্কৰ মাজতে পুনৰ কটাক্ষ ৰিজিজুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2023 4:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়পালিকা আৰু কেন্দ্ৰৰ মাজত চলি থকা সংঘাতৰ পটভূমিত নতুন এক মন্তব্য কৰিছে। যাৰ ফলাফল সুদূৰপ্ৰসাৰী হ’ব বুলি আশা কৰা হৈছে। আইন মন্ত্ৰীগৰাকীয়ে দৰাচলতে কি কৈছে?

ৰিজিজুৱে কয়, “ৰাজনীতিবিদ হিচাপে তেওঁলোকে সকলো সময়তে জনসাধাৰণক পৰীক্ষা দিব লাগে। আনহাতে, ন্যায়াধীশ হোৱাৰ পিছত অধিবক্তাসকলে জনসাধাৰণৰ বিচাৰৰ উৰ্ধত উঠি যায়।‘’

এনে মন্তব্যৰ পিছত ৰিজিজুৱে প্ৰশ্ন কৰে, “ইমান দিনধৰি চলি অহা নিয়মবোৰ কিয় সলনি কৰা নহ’ব?”  অৰ্থাৎ দীৰ্ঘদিন ধৰি চলি অহা এক ব্যৱস্থাৰ পৰিৱৰ্তনৰ আহ্বান জনাইছে নেকি আইন মন্ত্ৰীয়ে? দৰাচলতে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কৰাৰ অধিকাৰৰ বিষয়টো বাৰে বাৰে উত্থাপন কৰি আহিছে।

Apply Now

কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে সোমবাৰে দিল্লী বাৰ এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। তাত ভাষণ দি তেওঁ কয়, “মানুহে সদায় আমাক চাই থাকে, আমাক তেওঁলোকৰ নিজৰ ধৰণে বিচাৰ কৰে। বৰ্তমান, সামাজিক মাধ্যমৰ যুগত আমাৰ কামৰ সদায় সুক্ষ্ম বিশ্লেষণ হয়। নানা ক্ষেত্ৰত ৰাজনৈতিক লোকসকল সাধাৰণ মানুহৰ প্ৰশ্নৰ সন্মুখীন হয়। পৰিস্থিতি এতিয়া আগৰ দৰে একে নহয়, য’ত কেৱল নেতাসকলেহে কথা কয়। সাধাৰণ মানুহৰ ওচৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ বহুতো উপায় আছে।‘’

ৰিজিজুৱে দাবী কৰে যে ৰাজনীতিবিদসকলে প্ৰতিবাৰেই নিৰ্বাচনত যুঁজ দি ক্ষমতালৈ ঘূৰি আহিব লাগে। কিন্তু ন্যায়াধীশসকলে এনেদৰে সকলো সময়তে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ’ব নালাগে।

তেওঁ কয়, “ন্যায়াধীশসকলৰ আচৰণ ৰাইজে পৰীক্ষা কৰিব নালাগে। কিয়নো এবাৰ তেওঁলোক ন্যায়াধীশ হ’লে, তেওঁলোকে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নালাগে।‘’ ৰিজিজুৱে অৱশ্যে সতৰ্ক কৰি দিয়ে যে পোনপটীয়াকৈ নহ’লেও সাধাৰণ ৰাইজে ন্যায়াধীশসকলৰ ৰায়ৰ ওপৰত নজৰ ৰাখিছে। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাই সামাজিক মাধ্যমত ন্যায়াধীশসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মাত মাতিছিল। ৰিজিজুৱে দাবী কৰে যে তেওঁ সেই সময়ত সহায়ৰ হাত আগবঢ়াইছিল।

আনহাতে, কিছুদিন পূৰ্বে মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত তেওঁ দাবী কৰিছিল যে কলেজিয়ামত নাম দিয়াৰ পৰামৰ্শ দিয়াৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰক দিয়া উচিত। অৱশ্যে ৰিজিজুৱে সোমবাৰে এই অভিযোগ অস্বীকাৰ কৰে। তেওঁ লগতে কয় যে ১৯৪৭ চনৰ পিছত আইনব্যৱস্থাত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। কিয়নো একেই নিয়ম চিৰকাল চলি থাকিব নোৱাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd