NORTHEAST NOW (Assamese)

 ‘ভাৰতৰ প্ৰধানমন্ত্ৰী হ’লে হিন্দুহে হ’ব’ বুলি হিমন্তৰ দাবী শুনি ওৱেইছিয়ে ক’লে- ‘তেওঁৰ মূৰত টিউবলাইট আছে’

January 11, 2026 2:37 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ মাজত ভাৰতীয় সংবিধান আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ পদক লৈ এক তীব্ৰ মৌখিক সংঘাতৰ সৃষ্টি হৈছে। বিতৰ্কৰ মাজতে হায়দৰাবাদৰ সাংসদ ওৱাইছিয়ে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁৰ মূৰত টিউব লাইট আছে বুলি এক বিৰূপ মন্তব্য কৰে। ওৱাইছিৰ মতে অসমৰ মুখ্যমন্ত্ৰীজনে ভাৰতীয় সংবিধানৰ আচল মৰ্ম বুজি পোৱা নাই আৰু সেইবাবেই তেওঁ এনেধৰণৰ সংকীৰ্ণ মানসিকতাৰ পৰিচয় দিছে।

এই বিতৰ্কৰ সূত্ৰপাত হৈছিল মহাৰাষ্ট্ৰৰ সোলাপুৰত ওৱাইছিয়ে দিয়া এটা ভাষণক কেন্দ্ৰ কৰি। শনিবাৰে নিশা ভাষণ প্ৰদান কৰি ওৱাইছিয়ে কয় যে পাকিস্তানৰ সংবিধানত এটা নিৰ্দিষ্ট ধৰ্মৰ ব্যক্তিয়েহে দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি স্পষ্টকৈ লিখা আছে যদিও ভাৰতৰ সংবিধানত তেনে কোনো ধৰ্মীয় বাধ্যবাধকতা নাই। বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ মতে দেশৰ যিকোনো নাগৰিকে মন্ত্ৰী, মুখ্যমন্ত্ৰী বা মেয়ৰৰ দৰে উচ্চ পদত বহিব পাৰে। ওৱাইছিয়ে আনকি ভৱিষ্যতে হিজাব পৰিহিত এগৰাকী মুছলমান ছোৱালী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখে বুলিও মন্তব্য কৰে।

ওৱাইছিৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সংবিধানত কাৰিকৰীভাৱে কোনো বাধা নাথাকিলেও ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু সভ্যতাৰ দেশ। সেইবাবে তেওঁ নিশ্চিত যে ভৱিষ্যতেও এজন হিন্দু ব্যক্তিয়েহে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাইও এই সন্দৰ্ভত ওৱাইছিক প্ৰত্যাহ্বান জনাই কয় যে প্ৰধানমন্ত্ৰীৰ কথা কোৱাৰ আগতে ওৱাইছিয়ে নিজৰ দলৰ সভাপতি পদত এগৰাকী হিজাব পৰিহিত মহিলাক নিযুক্তি দি দেখুৱাব লাগে।

হিমন্ত বিশ্ব শৰ্মাৰ এনে প্ৰতিক্ৰিয়াৰ উত্তৰত ওৱাইছিয়ে পুনৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীজনৰ বুদ্ধি পলমকৈ উদয় হয় বাবে তেওঁৰ মূৰত টিউব লাইট থকাৰ দৰে হৈছে। সংবিধান ৰচনা কৰা বি আৰ আম্বেদকাৰ হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি শিক্ষিত আৰু জ্ঞানী আছিল বুলি উল্লেখ কৰি ওৱাইছিয়ে কয় যে বিজেপিয়ে সদায় ঘৃণাৰ ৰাজনীতি কৰি আহিছে। বৰ্তমানৰ চৰকাৰে মুছলমান মহিলাক হিজাব পিন্ধাত বাধা দিলেও এই পৰিস্থিতি বেছি দিন নাথাকে বুলিও তেওঁ আশা প্ৰকাশ কৰে।

Related News