NORTHEAST NOW (Assamese)
অসম

আশাহীন আশা কৰ্মী: বিজেপিৰ নিৰ্বাচনী অংকত আউল লগাব হিমন্তৰ ৩২ হাজাৰ কোভিড যোদ্ধাই!

Posted by: দুলাল মিশ্ৰ September 25, 2020 2:34 pm
asha

যি কোভিড যোদ্ধাক সাৰথি কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ  বিৰুদ্ধে যুদ্ধ কৰিছে সেই সকল কোভিড যোদ্ধাৰ মাজৰে ৩২ হাজাৰ যোদ্ধাই চৰম দুৰ্দশা আৰু অনিশ্চয়তাৰ মাজেৰে  দিন অতিবাহিত কৰিবলগীয়া হৈছে।

সন্মুখৰ পৰাই কোভিডৰ বিৰুদ্ধে যুঁজ দিয়া এই সকল সাহসী যোদ্ধা হৈছে ৰাজ্যৰ ৩২ হাজাৰ আশা কৰ্মী।

নিজৰ লগতে নিজ পৰিয়ালৰ সুৰক্ষাৰ কথা পাহৰি এইসকল আশা কৰ্মীয়ে উদয়াস্ত ৰাইজৰ সেৱাত ব্ৰতী হৈ আহিছে যদিও চৰকাৰৰ পৰা তেওঁলোকে মিঠা মিঠা প্ৰতিশ্ৰুতিৰ বাদে আন একো পোৱা নাই।

অথচ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকল স্বাস্থ্যকৰ্মীক লৈয়েই কোভিড যুদ্ধ খন চলাই নিয়া বুলি সদম্ভে কৈ আহিছে।

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাইজৰ সেৱা কৰি অহা কোভিড যোদ্ধা আশা কৰ্মীসকলে চৰকাৰে পাৰিশ্ৰমিকৰ হিচাবে দিয়া ৩ হাজাৰ টকাতেই সন্তুষ্ট থাকিবলগীয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ঢাল-তৰোৱাল নোহোৱাকৈয়ে ৰাজ্যৰ প্ৰায় ৩২ হাজাৰ আশা কৰ্মীক অদৃশ্য ঘাতক কোভিডৰ সৈতে যুঁজিবলৈ পঠিয়াইছে বুলিও বহুতে অভিযোগ কৰিছে।

শুনিলে আচৰিত হ’বলগীয়া কথা যে কোভিড যুদ্ধৰ এইসকল যোদ্ধাই পিপিই কিটতো বাদেই ,কৰ্তব্য পালনৰ সময়ত পিন্ধিবলৈ সাধাৰণ হাত মোজা এযোৰো পোৱা নাই।

কোভিড যুদ্ধৰ নামত চৰকাৰে  কোটি কোটি টকা খৰচ কৰি আছে  যদিও আশাকৰ্মীৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ যেন চৰকাৰ হাতত ধন নাই।

কেৱল অৰ্থনৈতিক দিশতেই নহয়,স্বাস্থ্যজনিত দিশৰ পৰা শোষিত এই সকল আশাকৰ্মী এতিয়া চৰকাৰৰ ওপৰত বাৰুকৈয়ে বিতুষ্ট।

অসম ৰাজ্যিক আশা ইউনিয়নৰ সাধাৰণ সম্পাদিকা দিপালী দেৱীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে কোভিডৰ বিৰুদ্ধে কৰা যুদ্ধ খনলৈ তেওঁলোকক আগবঢ়াই দিয়া হৈছে যদিও সুবিধাৰ নামত চৰকাৰে তেওঁলোকক বিশেষ একোৱেই দিয়া নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত কোৱা কথাবোৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰক্ষা কৰা নাই বুলি তেওঁ কয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড যোদ্ধা আশা কৰ্মীসকলক প্ৰতিদিনে ৩০০ টকাকৈ যি ভাট্টা দিব বুলি ঘোষণা কৰিছিল সেই ঘোষণা আজিলৈকে ৰূপায়ণ নকৰিলে বুলি দেৱীয়ে ক্ষোভ প্ৰকাশ কৰে।

কেৱল সেয়াই নহয়, কোভিড যুদ্ধত ভাগ লোৱা বাবে চৰকাৰে আশা কৰ্মীক দিবলগীয়া ৭,৫০০ টকা আজিলৈকে আদায় দিয়া নাই ।

যিটো সময়ত কোভিড যুদ্ধত ভাগ লোৱা সকলো স্বাস্থ্য কৰ্মীকে চৰকাৰে ৫০ লাখ টকাৰ স্বাস্থ্য বীমা দিব বুলি ঘোষণা কৰিছে সেই সময়তে আশা কৰ্মী সকলক এইক্ষেত্ৰত প্ৰয়োজনীয় কোনো প্ৰ-পত্ৰ যোগান ধৰা নাই বুলি নেত্ৰী গৰাকীয়ে কয়।

সেয়ে দুৰ্ভাগ্যবশতঃ কোনো আশা কৰ্মীৰ মৃত্যু ঘটিলে বীমাৰ ধন নাপাব বুলি তেওঁ আশংকা ব্যক্ত কৰে।

কৈ থাকিলেও ওৰকে নপৰা এনে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত আশা কৰ্মী সকলে তেওঁলোকৰ ক্ষোভৰ বিস্ফোৰণ অহা ১ অক্টেোবৰত ঘটাব বুলি দিপালী দেৱীয়ে প্ৰকাশ কৰে।

এই সকল কোভিড যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালে যদি জাগি উঠে তেন্তে নিঃসন্দেহে তাৰ প্ৰভাৱ সমাগত নিৰ্বাচনত বিজেপিৰ ভোটবেংকৰ ওপৰত পৰিবই পৰিব। সেয়া নিশ্চিত।