NORTHEAST NOW (Assamese)

দক্ষিণ এছীয় গেইমছত অসমীয়াৰ দপদপনি; আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে ক’ৰ্টত নামিব অস্মিতা

December 6, 2019 10:24 am · এন ই নাও নিউজ

১৯ বছৰীয়া অসমৰ প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই নেপালৰ পোখ্ৰাত চলি থকা ত্ৰয়োদশ দক্ষিণ এছীয় গেইমছত ফাইনেলত প্ৰৱেশেৰে স্বৰ্ণ বা ৰূপৰ পদক নিশ্চিত কৰিছে।

প্ৰতিযোগিতাৰ ফাইনেল মেচখনত আজি অস্মিতাই গায়ত্ৰী গোপীচান্দৰ বিৰুদ্ধে খেলিব। গায়ত্ৰী হৈছে ভাৰতীয় বেডমিণ্টনৰ কিম্বদন্তি হিচাপে পৰিচিত পি গোপীচান্দৰ জীয়ৰী।

বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমিফাইনেলত অস্মিতাই শ্ৰীলংকাৰ অচিনি ৰত্নাছিৰিক অতি সহজে ২১-৫, ২১-৭ গেমত পৰাস্ত কৰে।

আনহাতে গায়ত্ৰীয়ে শ্ৰীলংকাৰে ডিলমি ডাৰাছেক ২১-১৭, ২১-১৪ গেমত পৰাস্ত কৰি ফাইনেলত উপনীত হয়।

মহিলাৰ দৰে পুৰুষৰো ছিংগলছৰ ফাইনেলত মুখামুখি হ’ব দুই ভাৰতীয় শ্বাটলাৰ। আৰ্যমান গৌতম আৰু ছিৰিল বাৰ্মাই সোণ আৰু ৰূপৰ বাবে যুঁজ দিব।

উল্লেখ্য যে নেপালত চলি থকা এই প্ৰতিযোগিতাখনত অংশ লোৱা কেইবাগৰাকীও অসমৰ খেলুৱৈয়ে পদক অৰ্জনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে ৬১ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই স্বৰ্ণ পদক দখল কৰে। ইয়াৰ উপৰি মহিলাৰ টাইকোৱানডোত অসমৰ ৰ’দালি বৰুৱাই স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

Related News