NORTHEAST NOW (Assamese)
Popular Stories

উইকেট দখলৰ পাছত যাদুৰে ৰুমালক দণ্ডলৈ ৰূপান্তৰ কৰি খেল পথাৰত দক্ষিণ আফ্ৰিকাৰ বলাৰৰ আনন্দ প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2019 10:42 am
Magic trics

দক্ষিণ আফ্ৰিকাৰ এগৰাকী ব’লাৰে উইকেট দখল কৰি যাদুৰ শৈলীৰে উল্লাস প্ৰদৰ্শন কৰাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

দক্ষিণ আফ্ৰিকাৰ মাজানচী চুপাৰ লীগৰ দাৰ্বান হিতৰ বিপক্ষে এখন খেলত পাৰ্ল ৰকছ দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ তাবৰিয়াজ চমাচিয়ে উইহান লুবছৰ উইকেট দখল কৰি যাদু প্ৰদৰ্শনেৰে আনন্দ ব্যক্ত কৰে।

২৯ বৰ্ষীয় স্পীনাৰ চমাচিয়ে লুবছৰ উইকেট দখল কৰাৰ পাছতে নিজৰ পকেটৰ পৰা পৰা এখন ৰুমাল উলিয়াই আৰু যাদুৰ সহায়ত ইয়াক এডাল দণ্ডলৈ ৰূপান্তৰ কৰি আনন্দ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, পূৰ্বেও সংবাদ মাধ্যমৰ আগত দক্ষিণ আফ্ৰিকাৰ বলাৰ গৰাকীয়ে সৰুতে তেওঁ যাদুকৰ হ’ব বিচাৰিছিল বুলি উল্লেখ কৰিছিল।

আনহাতে, ক্ৰিকেটাৰ গৰাকীয়ে যাদু দেখুৱাই আনন্দ প্ৰকাশ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন জনে বলাৰ গৰাকীৰ যাদুক প্ৰশংসা কৰিছে।

ক্ৰিকেটৰ পথাৰত বিভিন্ন খেলুৱৈয়ে বিভিন্ন শৈলীৰে আনন্দ প্ৰকাশ কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।