মোডী-অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ অনা অশোক লাভাছাই এৰিব নিৰ্বাচন আয়োগ

এজন কাকো খাটিৰ নকৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। নাম তেওঁৰ অশোক লাভাছা।
বিগত লোক সভাৰ নিৰ্বাচনৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বৰ্তমানৰ কেন্ত্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ভাৰতৰ নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই অৱশেষত নিৰ্বাচন আয়োগ ত্যাগ কৰিব।
ভাৰতৰ দুজন নিৰ্বাচন আয়ুক্তৰ ভিতৰৰে এজন অশোক লাভাছা দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাটো নিশ্চিত আছিল যদিও কাৰ্যকাল দুবছৰ বাকী থাকোতেই লাভাছাই পদত্যাগৰ কথা ঘোষণা কৰে।
নিৰ্বাচন আয়োগৰ পৰা পদত্যাগ কৰাৰ পিছত লাভাছাই এছিয়ান ডেভেলপমেন্ট বেংকৰ ভাইচ প্ৰেছিডেন্ট হিচাবে যোগাদান কৰিব বুলি জনা গৈছে।
১৯৮০ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ হাৰিয়ানা কেডাৰৰ বিষয়া অশোক লাভাছাই পূৰ্বে বিত্ত দপ্তৰৰ সচিব হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল।
মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ অনাৰ পিছত তেওঁৰ ওপৰত বিভিন্ন জনে হেঁচা প্ৰয়োগ কৰিছিল যদিও তেওঁ নিজৰ স্থিতিতে অটল হৈ আছিল।
দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাবে নিযুক্ত হোৱাটো নিশ্চিত হৈ থকাৰ পিছতো তেওঁ কিয় নিৰ্বাচন আয়োগ এৰিবলৈ ওলাইছে সেয়া বহুতৰে বাবে সাঁথৰ হৈ পৰিছে।
উল্লেখ্য ভাৰতবৰ্ষত এজন মুখ্য নিৰ্বাচন আয়ুক্ত থকাৰ লগতে দুজন নিৰ্বাচন আয়ুক্ত থাকে। তাৰে এজন আছিল অশোক লাভাছা ।