বোকাখাতত ৫০ বস্তা অবৈধ সাঁচি কাঠেৰে সৈতে বলেৰ’ পিক আপ ভান জব্দ

বোকাখাত আৰক্ষীৰ ভ্ৰাম্যমান তহলদাৰী দলে বৃহস্পতিবাৰে পুৱতি নিশা বোকাখাত নগৰৰ সমীপৰ লতাবাৰীত অবৈধ সাঁচি কাঠৰে সৈতে এখন বলেৰ’ পিক আপ ভান জব্দ কৰে ৷
দেৰগাওঁৰ পৰা নগাওঁলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ দলটোৱে গাড়ীখন জব্দ কৰে ৷
গাড়ীখনত ৫০ বস্তা সাঁচি কাঠ উদ্ধাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ অভিযান কালত গাড়ীখনৰ চালক জনে গাড়ী এৰি পলায়ন কৰে৷
কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা এই ৫০ বস্তা সাঁচি কাঠসহ এ এছ ০৩ বি চি – ৭৮৯৭ নম্বৰৰ বলেৰ’ গাড়ীখন পাছত বোকাখাত বনাঞ্চলৰৰ বনাঞ্চলিক বিষয়াৰ হাতত অৰ্পণ কৰে বোকাখাত আৰক্ষীয়ে ৷
কাঠসহ বলেৰ’ গাড়ীখন সম্প্ৰতি বনাঞ্চলিক বিষয়াৰ জিম্মাত আছে ৷
যোৰহাটত পঞ্জীয়ন কৰা বলেৰ’ পিকআপ ভানখন জনৈক আব্দুল মান্নানৰ বুলি জানিব পৰা গৈছে ৷