NORTHEAST NOW (Assamese)
অসম

হাইস্কুল টে’ট উত্তীৰ্ণ শিক্ষক বাছনিত গুৰুতৰ অনিয়ম : উচিত ব্যৱস্থা গ্ৰহণৰ দাবী এছ এফ আই-ডি ৱাই এফ আইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 5:13 pm
Assam-TET-on-October-20

ন্যায়ালয়ত বিচাৰ চলি থকাৰ মাজতে গুৰুতৰ অনিয়মেৰে ৫,৭৪৬ টা হাইস্কুল টে’ট উত্তীৰ্ণ শিক্ষক পদৰ প্রথমখন মেধাৰ তালিকা(প্রভিজনেল) প্রকাশ কৰাত আশ্চৰ্য প্রকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

সংগঠন দুটাৰ সম্পাদক ক্ৰমে নিৰংকুশ নাথ আৰু  নয়ন ভূঞা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মাধ্যমিক শিক্ষা বিভাগে অনিযমেৰে মেধা তালিকা প্রকাশ কৰা বুলি অভিযোগ কৰি দুয়োটা সংগঠনে পৰিষদৰ এই কাৰ্যক ধিক্কাৰ জনাইছে আৰু মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে।

এপি এছ চি, আই এছ, কনিষ্টবল নিযুক্তি কেলেংকাৰীৰ পাছত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুতৰ অনিয়ম আৰু কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে। শিক্ষকৰ দৰে পদত অনিযমেৰে নিযুক্তি দিয়া কাৰ্যটো ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰিছে সংগঠন দুটাই৷

উল্লেখনীয় যে বি এড পৰীক্ষাৰ প্রমাণ পত্ৰ আৰু নম্বৰ, অৰ্থনৈতিকভাৱে পিচ পৰা শ্ৰেণীৰ প্রমাণ পত্ৰ, অভিজ্ঞতাৰ প্রমাণ পত্ৰৰ নামত ভয়ংকৰ জালিয়াতি হৈছে। ইয়াৰ ফলত প্রকৃত মেধাৱী প্রাৰ্থীসকল বঞ্চিত হ’ব।

বিবৃতিটোত কোৱা হৈছে যে ‘প্রকাশিত বাতৰি অনুসৰি কোনো কোনো প্ৰাৰ্থীয়ে বি এডত ১০০%নম্বৰ পাইছে; যিটো ভাবিব নোৱাৰা কথা। আনকি বহিঃৰাজ্যৰ অপৰিচিত বি এড প্রতিষ্ঠানৰ পৰা বি এড ডিগ্ৰী লোৱা প্ৰাৰ্থীৰ প্রমাণ পত্ৰৰ বিশেষ পৰীক্ষণৰ ব্যৱস্থা নহ’ল।’

‘অৱস্থাসম্পন্ন প্রার্থীও অৰ্থনৈতিকভাৱে পিচ পৰা শ্ৰেণীৰ প্রমাণ পত্ৰ দি বাচনি হোৱাৰ তথ্য প্রকাশ পাইছে বুলিও অভিযোগ ছাত্ৰ সংগঠন দুটাৰ। এইবোৰ ঘটনাই দেখুৱাইছে যে বিজেপি চৰকাৰে স্বজন-তোষণৰ নীতিক প্ৰশ্ৰয় দিছে। এয়া বিজেপি চৰকাৰৰ দুৰ্নীতিবিৰোধী নীতিৰ প্রতিয়ে চৰম ভেঙুচালি।’ বিবৃতিটোত কোৱা হয়।

উল্লেখ্য যে হাইস্কুল স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টে’ট পৰীক্ষাত “গ্ৰেছ মাৰ্ক” দি পাছ কৰাই দিয়াক লৈ উচ্চ ন্যায়ালত এটা গোচৰ চলি আছে।

এই গোচৰ মাজতে কালি মাজ নিশা মাধ্যমিক শিক্ষা বিভাগে হঠাৎ শিক্ষকৰ মেধা তালিকা প্রকাশ কৰে।

বিজেপি চৰকাৰ আৰু শিক্ষা বিভাগৰ এই স্বজন-তোষণ আৰু অনিয়ম বন্ধ কৰি দুৰ্নীতিমুক্ত প্রক্ৰিয়াৰে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ এছ এফ আই -ডি ৱাই এফ আইয়ে দাবী জনাইছে।